NORTHEAST NOW (Assamese)

ডিমাপুৰত বৃহৎ পৰিমাণৰ বিদেশী সুৰা জব্দ আছাম ৰাইফলছৰ

April 28, 2018 2:38 pm · এন ই নাও নিউজ

আছাম ৰাইফলছে চলোৱা এক নিয়মীয়া তালাচীত ডিমাপুৰত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰা হয়। জানিব পৰা মতে আছাম ৰাইফলছৰ জালুকীই বেটেলিয়নে ডিমাপুৰৰ কীয়েভী অঞ্চলত চলোৱা তালাচীৰ সময়ছোৱাত এখন বাহনৰ পৰা উক্ত বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰা হয়।

ছ’চিয়েল নেটৱৰ্কিং ছাইট টুইটাৰযোগে আছাম ৰাইফলছে শনিবাৰে প্ৰকাশ কৰা অনুসৰি গোপন সূত্ৰৰ ভিত্তিত চলোৱা উক্ত তালাচী অভিযানটোত প্ৰায় ২ লাখ টকা মূল্যৰ অবৈধ সুৰা জব্দ কৰা হয়।

উল্লেখযোগ্য যে ইতিমধ্যে জব্দকৃত সুৰাখিনি ডিমাপুৰৰ জালুকীই আৰক্ষী চকীক চমজাই দিছে আছাম ৰাইফলছে।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও নাগালেণ্ডত ২০১৭ বৰ্ষৰ ২০ অক্টোবৰত আছাম ৰাইফলছে বৃহৎ পৰিমাণৰ সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

২০১৭ বৰ্ষৰ পাছত নাগালেণ্ডত আছাম ৰাইফলছে লাভ কৰা এয়া হৈছে এক ডাঙৰ সফলতা।

 

Related News