ডিমৌৰ গুৰু বাদ‍্যভাণ্ডাৰত ঢোল বিচাৰি বিহুৱা ডেকাৰ ভিৰ

dimou

ৰঙালী বিহু উদযাপনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ অতি গুৰুত্বপূৰ্ণ উৎসৱটোৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে সমগ্ৰ অসম। ঠিক সেইদৰে এতিয়া সীমাহীন ব্যস্ততাৰ মাজেৰে ঢোল নিৰ্মাণত ব্যস্ত হৈ পৰিছে ঢোল তৈয়াৰকাৰি শিল্পীসকল।

ইয়াৰ ব্যতিক্ৰম নহয় ডিমৌ। প্ৰায় ৩০ বছৰতকৈও অধিক সময় ডিমৌত ব্যৱসায় কৰি অহা ডিমৌ শান্তিপূৰস্থিত গুৰু বাদ্যভাণ্ডাৰ বিপনীত এতিয়া পুৱাৰ পৰা নিশালৈকে শিল্পীসকল ঢোল নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ পৰিছে। বহাগ বিহুৰ পৰিচয় তথা মৰমৰ ঢোল বিচাৰি এতিয়া বিভিন্ন অঞ্চলৰ পৰা ঢুলীয়া ডেকা আৰু বিহু দলৰ সদস্যসকলে ভিৰ কৰিছেহি বিপনীখনত।

বাদ্য ভাণ্ডাৰ খনিৰ সুনিপুন তথা প্ৰতিষ্ঠিত ঢোল তৈয়াৰ কৰা শিল্পী চন্দ্ৰ দাসে জানিবলৈ দি কয় যে এইবাৰ তেওঁলোকে ৫০ তাত কৈ অধিক ঢোল তৈয়াৰ কৰিছে। ইয়াৰে ওজা ঢোল সমূহ ছয় হাজাৰ টকা আৰু অন্য ঢোল সমূহ তিনিহাজাৰ টকাৰ পৰা চাৰিহাজাৰ টকালৈকে বিক্ৰী কৰিছে।

বাদ‍্যভাণ্ডাৰৰ শিল্পীসকলে কঁঠাল কাঠৰ খোলাত চেঁউৰি গৰু ছালৰ তালি আৰু গাই গৰুৰ কোবনি আৰু বলধ গৰুৰ ছালৰ বৰতি বাতি সুন্দৰকৈ তৈয়াৰ কৰা হয় এই ঢোলবোৰ।

উল্লেখ্য যে এই বিপনীখনত এতিয়া ডিমৌ,  শিৱসাগৰ, মৰাণ আৰু পাৰ্শ্বৱৰ্তী অঞ্চল সমূহৰ পৰা অহা ক্ৰেতাই ভিৰ কৰা পৰিলক্ষিত হৈছে। ঢোল ক্ৰয় কৰিবলৈ অহা গ্ৰাহকসমূহৰ মতে চন্দ্ৰ দাসে তৈয়াৰ কৰা ঢোল অতি উন্নতমানৰ আৰু পছন্দৰ হয়।