ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ অন্তৰ্গত আটাছু ডিমৌ কলেজ গোটটো আজি ডিমৌ প্ৰেছ ক্লাৱত শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত গঠন কৰা হয় ।
সভাখনত আঁত ধৰাৰ লগতে সভাৰ উদ্দেশ্য বাখ্যা কৰে ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুমিত কুমাৰ সন্দিকৈয়ে। সভাখনত সভাপতিত্ব কৰে আটাছুৰ আঞ্চলিক সমিতিৰ সভাপতি জয়ন্ত গগৈয়ে ।
সভাত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়া , সহঃ সম্পাদক জয়ন্ত সন্দিকৈ , শিৱসাগৰ জিলা তাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক নিপন বৰুৱা , উপ সভাপতি গোবিন গগৈ , মহকুমা সমিতিৰ কাৰ্য্যকৰী সভাপতি সন্দীপ গগৈ , ডিমৌ আঞ্চলিকৰ সম্পাদক সুমিত কুমাৰ সন্দিকৈ, কাৰ্য্যকৰী সভাপতি মুন দুৱৰা উপস্থিত থাকি সন্থাৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে ছাত্ৰ ছাত্ৰী সকলক অৱগত কৰি সামাজিকভাবে দায়বদ্ধ হ’বলৈ আহ্বান জনায় ।
আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াই সাম্প্ৰতিক অসমৰ পৰিস্থিতিৰ সন্দৰ্ভত ডিমৌ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক ঐক্যবদ্ধ ভাবে থিয় হবলৈ আহ্বান জনায় । জাতি-ধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক বাতিলৰ দাবীত প্ৰৱল জনমত গঢ়িবলৈয়ো আটাছুৰ উপদেষ্টা গৰাকীয়ে সকলোকে আহ্বান জনায়।
সভাত উজ্জ্বল চেতিয়াক সভাপতি , দেৱজিৎ গগৈক কাৰ্যকৰী সভাপতি আৰু গৌৰৱ শ্যাম , প্ৰণৱ জ্যোতি গগৈক যুটীয়া সম্পাদক হিচাপে লৈ ৮১ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয় ।
সভাত আগন্তুক দিনত মহাবিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনৰ লগতে , মহাবিদ্যালয়ৰ উন্নয়নৰ স্বাৰ্থত বিভিন্ন সামাজিক কাৰ্যসূচী ল’বলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।