তিনিচুকীয়াৰ অসম-অৰুণাচল সীমান্তৰ ডিৰাক গেটত শনিবাৰে সন্দেহজনক আলফা স্বাধীনৰ সদস্যই গুলীচালনা কৰাৰ সংঘটিত হৈছে ৷
ঘটনাৰ বিৱৰণী মতে, ডিৰাক গেটৰ সমীপত আৰক্ষীৰ নাকা চেক প’ষ্টত দুজন বাইক আৰোহীক আৰক্ষীয়ে ৰ’বলৈ ইংগিত দিয়ে। কিন্তু হঠাৎ পিছৰ চিটত বহি যোৱা আৰোহীজনে শূন্যলৈ এক ৰাউণ্ড গুলীচালনা কৰি পলায়ন কৰে।
আনহাতে, বাইক চালক পাৰ্থ প্ৰতিম দহোটীয়াক আৰক্ষীয়ে তৎপৰতাৰে আটক কৰিবলৈ সক্ষম হয়। ধৃত পাৰ্থ প্ৰতিমৰ আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷
এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইপিনে পলায়ন কৰা যুৱকজনক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে। আৰক্ষীয়ে ঘটনাৰ লগত জড়িত যুৱক দুজন আলফা স্বাধীনৰ নতুন কেডাৰ বুলি সন্দেহ কৰিছে।
ইপিনে, ডিব্ৰুগড় জিলাৰ লাহোৱালত শুকুৰবাৰে মাজনিশা সেনাৰ ডাও ডিভিজনে এক অভিযান চলাই দুজনকৈ আলফা (স্বা)ৰ সদস্য আটক কৰিবলৈ সক্ষম হয়।
প্ৰাপ্ত তথ্য মতে, এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা মৰান তিনিচুকীয়া ঘাইপথত আলফা (স্বা)ৰ সদস্যৰ চলাচলৰ সম্ভেদ লাভ কৰি ৰাজপুতানা ৰাইফলছৰ ৯ নং বেটেলিয়নে অঞ্চলটোত এক অভিযান চলায়।
উক্ত অভিযানত তেওঁলোকে এ এছ-০৪পি-৭১৩৯ নম্বৰৰ এখন অ’মনি ভানত মৰানৰ পৰা তিনিচুকীয়া দিশে গৈ থকা অৱস্থাত জ্ঞানদ্বীপ বৰগোহাঁই আৰু মৃদুল শৰ্মা নামৰ দুজন আলফা সদস্যক আটক কৰে। আটকাধীন সদস্য দুজনৰ কবলৰ পৰা এটা .২২ এম এম পিষ্টল, এটা মেগাজিন, ৩ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰা হয়।
স্বাধীনতা দিৱসৰ প্ৰাক্ মুহূৰ্তত উজনি অসমত আলফা স্বাধীনে ব্যাপক তৎপৰতা প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰাৰ সমান্তৰালভাৱে সেনা আৰু আৰক্ষীয়েও উগ্ৰপন্থী সংগঠনটোৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।