‘ভাষা হৈছে এটা জাতিৰ দাপোন স্বৰূপ। ভাষা অবিহনে জাতি এটাৰ অস্তিত্ব নাথাকে। ভাষা থাকিলেহে জীয়াই থাকিব জাতি । এই ভাষ্য সদৌ অসম ট্ৰাইবেল সংঘৰ যুটীয়া সম্পাদক ৰবেন ৰাভাৰ ।
বাক্সা জিলা ৰাভা সাহিত্য সভা আৰু তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত তামুলপুৰস্থিত বৰখোপাৰ ৰাভা ভৱনত আয়োজন কৰা ১৪ দিনীয়া ৰাভা ভাষাৰ প্ৰশিক্ষণৰ মঙলবাৰে সামৰণি অনুষ্ঠান উপলক্ষে অনুষ্ঠিত মুকলি সভাত ৰাভাই এই গুৰুত্ত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
ভাষণ প্ৰসংগত তেওঁ কয় যে ৰাভা জাতি ভাষা-কৃষ্টি-সংস্কৃতিৰে এটা চহকী জাতি। এই জনগোষ্ঠীৰ নিজস্ব ভাষা আছে , কৃষ্টি আছে, সংস্কৃতি আছে। ভাষা-কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিবলৈ আজিৰ নৱ প্ৰজন্মই আগভাগ ল’ব লাগিব।
বাক্সা জিলা ৰাভা সাহিত্য সভাৰ সভাপতি বলেন্দ্ৰ ৰাভাৰ সভাপতিত্বত আৰু তামুলপুৰ ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কমল ৰাভা হাকাচামে আঁত ধৰা সভাখন উদ্বোধন কৰে তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক বীৰেণ চন্দ্ৰ ৰাভাই।
৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুচাহাৰীয়ে মুখ্য অতিথি হিচাপে সভাত উপস্থিত থাকি কয় য়ে ভাষা জানিবলৈ আৰু তাৰ সাৰমৰ্ম আয়ত্ব কৰিবলৈ মানুহ অধ্যয়নশীল হ’ব লাগিব। একাগ্ৰতা আৰু জিজ্ঞাসু মন লৈ অধ্যয়ন কৰিলেহে মানুহে ভাষা এটা শুদ্ধভাৱে আৰু ভালদৰে শিকিব পাৰিব।
আনহাতে সভাত বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহণ কৰি বি টি চিৰ কাৰ্য্যবাহী সদস্য দেবেন বড়োয়ে কয় য়ে বিভিন্ন সভা সমিতিত ৰাভা ভাষাত কথা বতৰা পাতিলে ভাষাটোক আগবঢ়াই নিয়াত সহায়ক হ’ব। সভাত নিখিল ৰাভা সাহিত্য সভাৰ উপ-সভাপতি যতীন্দ্ৰ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক দীপাংকৰ ৰাভা, বাক্সা জিলা ৰাভা কৃষ্টি সংঘৰ সম্পাদক মাধৱ ৰাভা, আৰু বাক্সা জিলা ৰাভা ছাত্ৰ সন্থাৰ শিক্ষাসচিব চবিন ৰাভায়ো ৰাভা ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত কি কি কৰণীয় তাৰ ওপৰত তত্ব গধুৰ ভাষণ আগবঢ়ায়।
ইফালে কালিৰ এই সভাত বাক্সা জিলা ৰাভা সাহিত্য সভা আৰু তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ যুটীয়া সহযোগত প্ৰকাশ কৰি উলিওৱা তিনিমহীয়া আলোচনী ”পাজাৰ’ ‘ৰ প্ৰথম সংখ্যাটো উন্মোচন কৰে তামুলপুৰ বিধায়ক ইমানুৱেল মুচাহাৰীয়ে।
উল্লেখ্য যে ১৪ দিনীয়া এই ৰাভা ভাষাৰ প্ৰশিক্ষণ শিৱিৰত প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ আগবঢ়াই মেঘালয়ৰ তাপশ্ৰী সাধু আৰু নবিন চন্দ্ৰ ৰাভাই। সভাৰ পূৰ্বে এক মাংগলিক পৰিবেশত নৱনিৰ্মিত ৰাভা সাহিত্য ভৱন এটাৰ উদ্বোধন কৰে তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে।