শনিবাৰে যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী বেকাজান এক্সচাৰ্ভিছৰ সমীপৰ পাহাৰৰ দাঁতিত নগাই এটা গীৰ্জা ঘৰ নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি পুৱা এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।
জানিব পৰা মতে নগা পাহাৰৰ একেবাৰে দাঁতি কাষৰীয়া অসমৰ ভূমিত দীৰ্ঘদিনৰ পৰা বসবাস কৰি অহা কেইঘৰ মান আদিবাসী লোকৰ মাজত অতি কৌশলেৰে ইন্সিম’ ল’থা নামৰ এজন নগা লোকে এটা গীৰ্জা ঘৰ নিৰ্মাণ কৰে। ফলত স্থানীয় একাংশ অসমীয়া লোক ক্ষোভিত হৈ এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰা উপৰি আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰে।
ইফালে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰি তাৎক্ষণিকভাৱে বৰহোলা, বেকাজান আৰক্ষী আৰু পানীখেতি বেটেলিয়ান কেম্পৰ বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
উল্লেখযোগ্য যে ঘটনাস্থলীত তিতাবৰৰ চক্ৰ বিষয়া কবিতা কাকতি কোঁৱৰ উপস্থিত হৈ উক্ত এলেকাত নিৰ্মাণ কৰা গীৰ্জাটো ভাঙি পেলাবলৈ নিৰ্দেশ দিয়ে। কিন্তু তিতাবৰৰ চক্ৰ বিষয়াগৰাকীৰ এই কঠোৰ নিদেৰ্শকো আওকাণ কৰি নগা লোকজনে গীৰ্জাটো উচ্ছেদ কৰাত বাধা প্ৰদান কৰে।
তাৰোপৰি নগা লোকজনে গীৰ্জাটো ভাঙিলে সেই স্থানত থকা আদিবাসী পৰিয়াল কেইটাকো উঠাই পঠোৱাৰ লগতে অচিৰেই উক্ত স্থানত এটা পকী ঘৰ নিৰ্মাণ কৰাৰ ভাবুকি দিয়ে।
আনহাতে নগা লোকজনৰ এনেধৰণৰ ভাবুকিৰ ফলত তিতাবৰৰ চক্ৰ বিষয়া গৰাকীয়ে নগালেণ্ডৰ এজন প্ৰশাসনিক বিষয়াৰ লগত ফোনযোগে বাৰ্তালাপ কৰাত এই সম্পৰ্কত মঙলবাৰেহে আলোচনা কৰা হ’ব বুলি জনায়।
ফলত সীমান্তৱৰ্তী অঞ্চলটোৰ লোকসকল চৰম নিৰাপত্তাহীনতাত ভূগিছে। ইয়াৰ বিপৰীতে সীমান্ত অঞ্চলটোত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে অসম আৰক্ষীয়ে তীক্ষ্ন দৃষ্টি ৰাখিছে বুলি জানিব পৰা গৈছে।