• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

তোষামোদ নে সস্তীয়া স্বাৰ্থান্বেষণ? মে-দাম-মে-ফিৰ কাৰ্য্যসূচীৰ পুস্তিকাত ‘চাও’ লগালে অনা-আহোম ব্যক্তিৰ নামৰ আগত

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
January 31, 2018 12:23 pm
Me-dam-me-fi
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মে-দাম-মে-ফি আহোমসকলৰ বিশ্বাস অনুসৰি মৃত পুলিন-পুথাওসকলৰ স্বৰ্গগত আত্মাৰ প্ৰতি আগ বঢ়োৱা এভাগী পূজা। বিশ্বাসমতে এই দিনটোত স্বৰ্গগত উপৰিপুৰুষসকলে তেওঁলোকৰ বংশধৰসকলক আশীৰ্বাদ দিয়ে। এই বিশ্বাসমূলক পৰম্পৰাক এটা সমজুৱা সকামৰ জৰিয়তে ৰক্ষা কৰি আহিছে আহোমসকলে। গতদিয়েক বছৰৰ আগলৈকে এই মে-দাম-মে-ফিৰ সকামভাগী আহোমসকলে নিজৰ মাজতে সীমিত কাৰ্য্যসূচীৰ মাজেৰে পাতি আহিছিল।

কিন্তু আহোমসকলৰ মাজত শেহতীয়াকৈ সবল ৰূপত মূৰ দাঙি উঠা জনগোষ্ঠীয় চেতনাই মে-দাম-মে-ফিক লাহে লাহে বহল মাত্ৰা দিয়া দেখা যায়। ইয়াৰ জৰিয়তে তেওঁলোকৰ ভাষা-সংস্কৃতি ৰক্ষাৰ প্ৰয়াসো প্ৰতিফলিত হয়।

Apply Now

ঐতিহাসিক-ৰাজনৈতিক কাৰণতে হওক, সমাজ-মনোবৈজ্ঞানিক পটভূমিতেই হওক গোটেই ভাৰতত প্ৰবল জনগোষ্ঠীয় চেতনাৰ প্ৰদৰ্শন এক স্বাভাৱিক সামাজিক গতিধাৰাত (social trend) পৰিণত হৈছে। এইটো দৃষ্টিকোণৰ পৰা এসময়ত চহকী ঐতিহ্যৰ গৰাকী আহোমসকলৰ মাজতো তেনে ঐতিহ্য চেতনাৰ প্ৰাবল্য দেখা পোৱাটোত কোনো অস্বাভাৱিকতা নাই।

তাৰোপৰি, জনগোষ্ঠীয় ভাষা-সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশৰ প্ৰয়াসে বৃহত্তৰ অসমীয়া জাতিটোৰ সামগ্ৰিক হিত সাধন কৰিব– এই কথাটো সকলো ভাষা-সংস্কৃতিৰ গৱেষক, পণ্ডিতে একেমুখে স্বীকাৰ কৰিছে। উদাহৰণ হিচাপে ক’ব পাৰি, আহোম ভাষা শিক্ষাৰ প্ৰসাৰ ঘটি যদি আহোম ভাষাত লিখা বুৰঞ্জীবোৰৰ প্ৰকৃত পাঠোদ্ধাৰ (যিবোৰৰ বহুত ভুল ব্যাখ্যাই ইতিহাস সম্বন্ধীয় জ্ঞান অস্পষ্ট আৰু বিভ্ৰান্তিমূলক কৰি ৰাখিছে) সম্ভৱ হয়, অসমীয়া ভাষা-সাহিত্য-সমাজখনৰ লাভ হোৱাটো ধুৰুপ।

কিন্তু আমি দেখা পোৱা আটাইতকৈ খেদজনক কথাটো হ’ল- এইবোৰ কৰণীয় দায়িত্বৰ পৰিৱৰ্তে এচাম স্বাৰ্থসন্ধানীয়ে জনগোষ্ঠীয় চেতনা বা গোষ্ঠীবাদক নিজৰ ৰাজনৈতিক তথা ব্যক্তিগত স্বাৰ্থ পূৰণত ব্যৱহাৰ কৰি আহিছে। এইসকল প্ৰকৃততে সংশ্লিষ্ট জনগোষ্ঠীটোৰ ওপৰত কোৱা ধৰণৰ বৃহত্তৰ স্বাৰ্থবোৰৰ ঘাতকস্বৰূপ। কাৰণ এওঁলোকে জনগোষ্ঠীটো আৰু ইয়াৰ উপাদানবোৰৰ প্ৰকৃত উন্নয়নৰ লক্ষ্যক অবাটে নিয়াই নহয়, ৰাজনৈতিক শক্তিবোৰে জনগোষ্ঠীটোক তেওঁলোকৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ বাট মুকলি কৰি দিয়ে।

এই জনগোষ্ঠীয় নেতাবোৰে সংশ্লিষ্ট জনগোষ্ঠীবোৰক বিভিন্ন মঞ্চ বা সংগঠনৰ নামেৰে প্ৰতিনিধিত্ব কৰা দেখুৱাই নিজৰ নিজৰ ৰাজনৈতিক উচ্চাকাংক্ষাক গতি দিয়াহে দেখা যায়। ফলত ৰাজনীতিৰ বতাহে তেওঁলোকক যেনিয়ে ঢাল লোৱাই তেনিয়ে বাট বোলে। এওঁলোক পৰিণত হয় শাসনাধিষ্ঠিত দলৰ আজ্ঞাবাহী তথা জনগোষ্ঠীটোক বুজাই বৰাই ৰখাৰ আহিলাত।

অলপতে হাতত পৰিল চৰকাৰৰ সাংস্কৃতিক বিভাগ আৰু পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ উদ্যোগত গুৱাহাটীৰ কলাক্ষেত্ৰত পাতিবলৈ লোৱা আন্তঃৰাষ্ট্ৰীয় (বছৰেকীয়া শ্ৰাদ্ধ এটা আন্তঃৰাষ্ট্ৰীয়ভাৱে পতাৰ কিবা প্ৰয়োজন আছে নে? একেখিনি উদ্যম আৰু শক্তি খৰচ কৰি জনগোষ্ঠীটোৰ পিছপৰা অংশটোৰ বাবে কিবা এটা কৰাৰ থল নাছিল নে?) মে-দাম-মে-ফিৰ কাৰ্য্যসূচীখনত।

তাত উদযাপন সমিতিৰ নামবোৰত চকু ফুৰাই দেখিলো যে অনা-আহোম ব্যক্তিৰ নামৰ আগতো ‘চাও’ লগাই দিয়া হৈছে। এয়া কিমান গ্ৰহণযোগ্য? সাধাৰণতে আহোম সম্প্ৰদায়টোৰ লোক হ’লেহে চাও লিখে, বিশেষভাৱে ফুৰালং ধৰ্মৰ আহোম মানুহে। মহিলাৰ নামৰ আগত নাং লিখে। এইটোও শেহতীয়া গোষ্ঠীচেতনাৰ অংশ বুলি পাৰি। কিন্তু কিহৰ অংকত বা কি যুক্তিত চাও প্ৰফুল্ল কুমাৰ মহন্ত, চাও কেশৱ মহন্ত, চাও ৰিহন দৈমাৰী, চাও পল্লৱলোচন দাস, চাও পৰিমল শুক্লবৈদ্য, নাং প্ৰমীলা ৰাণী ব্ৰহ্ম, চাও হৃষীকেশ গোস্বামী ইত্যাদি লিখা হৈছে?

ChaoHimanta

এওঁলোকক জোৰ কৰি এই ‘চাও’ জাপি দি উদযাপন সমিতিৰ গুৰি ধৰা আহোম জনগোষ্ঠীয় নেতাকেইজনে নিজকে পুতৌ তথা হাঁহিৰ পাত্ৰ কৰি তোলা নাই নে?

ইয়াৰ উপৰি দেখা গৈছে গুৱাহাটীৰ ৰাজপথৰ দাঁতিত আহোম জনগোষ্ঠীৰ পৰম্পৰাগত পোচাক পিন্ধা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ কাট-আউট। ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প’জ দি নিজকে এই জনগোষ্ঠীটোৰ কাষত থকা এজন বুলি ভবা নাই। তেওঁ যদি নিজৰ সাজটো চাই মিচিকিয়াই হাঁহিছে, সেই হাঁহিৰ আঁৰত থকা অৰ্থ এই স্বয়ম্ভূ প্ৰতিনিধিসকলে অনুধাৱন কৰিব নোৱাৰিব। কাৰণ তেওঁলোকৰ আত্মসন্মান নাই।

চৰকাৰ আৰু জনগোষ্ঠীয় সংগঠনবোৰে পৰস্পৰক তোষামোদ কৰি নিজৰ নিজৰ অংকৰ জৰিয়তে স্বাৰ্থ সিদ্ধি কৰি আছে। এওঁলোকৰ ওচৰত জনগোষ্ঠীয় ঐতিহ্য চেতনা কোনোপধ্যে সুৰক্ষিত নহয়।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd