অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক লৈ বিভ্ৰান্তি আৰু বিভিন্ন অপপ্ৰচাৰ চলি থকাৰ সময়তে ত্ৰিপুৰাত অসমৰ পৰা বিদেশীয়ে অনুপ্ৰৱেশৰ চেষ্টা চলোৱা বুলি দাবী কৰিছে ৰাজ্যখনৰ ৰাজনৈতিক দল ইণ্ডিজিনাছ নেচনেলিষ্ট পাৰ্টি অব তুইপ্ৰাই।
৪ জুলাইত আগৰতলাত দলটোৰ কেন্দ্ৰীয় কমিটীয়ে এখন বৈঠকত অনুষ্ঠিত কৰে। এই বৈঠকত অসমত চলি থকা এন আৰ চি প্ৰক্ৰিয়াৰ বিষয়টোও আলোচনা কৰা হয়। আলোচনাৰ সময়ত এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা ৪০ লাখৰো অধিক লোকক বিদেশী বুলি গণ্য কৰাৰ লগতে এইসকল লোক ত্ৰিপুৰাত প্ৰৱেশ কৰিব পাৰে বুলি শংকা প্ৰকাশ কৰা হয়। দলটোৰ সাধাৰণ সম্পাদক জগদীশ দেৱবাৰ্মাই এই লোকসকলৰ একাংশ ত্ৰিপুৰাত অনুপ্ৰৱেশ কৰাৰ চেষ্টা কৰা বুলিও দাবী কৰে।
তেওঁ এই লোকসকলে যাতে ত্ৰিপুৰাত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সীমান্তৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰে।
আনহাতে, তেওঁ চৰকাৰক অসমৰ দৰে ত্ৰিপুৰাতো এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী জনায়।
সাধাৰণ সম্পাদকজনে জনোৱামতে, দলটোৱে দেশৰ মহাপঞ্জীয়কক এই দাবী উত্থাপন কৰি এক আৱেদন দাখিল কৰিব। আৱেদনখনৰ প্ৰতিলিপি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙলৈও পঠিওৱা হ’ব।