NORTHEAST NOW (Assamese)

ত্ৰিপুৰা আৰক্ষীৰ অপৰাধ শাখা খোলাৰ সিদ্ধান্ত; ড্ৰাগছ বন্ধ কৰাত দিয়া হৈছে সৰ্বাধিক গুৰুত্ব : আইন মন্ত্ৰী

March 30, 2018 4:41 pm · পিনাকী দাস

ড্ৰাগছৰ বিপদ আৰু আন ঘৃণনীয় অপৰাধবোৰ ৰোধ কৰা বাবে ত্ৰিপুৰা আৰক্ষীৰ এটা অপৰাধ শাখা গঠন কৰাৰ বিষয়ে ২৯ মাৰ্চত হোৱা এক কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

ত্ৰিপুৰাৰ আইন মন্ত্ৰী ৰতন লাল নাথে আগৰতলাত সাংবাদিকক কয় যে ড্ৰাগছ আৰু ইয়াৰ লগত সম্বন্ধ থকা অপৰাধসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত কেবিনেটে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে।

তেওঁ কয়, ‘আইন-শৃংখলা নিয়ন্ত্ৰণৰ মাজলৈ আনিবলৈ ৰাজ্যত ড্ৰাগছ হিচাপে ব্যৱহাৰ হোৱা মাৰিজুৱানা, কৰেক্স, ফেন্সিদাইল, নিচাযুক্ত টেবলেট আদিৰ অবৈধ ব্যৱসায় বন্ধ কৰাত আমি সৰ্বাধিক গুৰুত্ব দিছো। এনে ঘৃণনীয় অপৰাধত জড়িত থকাসকলক কঠোৰ হাতেৰে দমন কৰা হ’ব।’

ত্ৰিপুৰা আৰক্ষীৰ অপৰাধ শাখা খোলাৰ ক্ষেত্ৰত নাথে লগতে কয় যে জিলা পৰ্য্যায়লৈকে অপৰাধ শাখাটো শক্তিশালী কৰি তোলাৰ বাবে প্ৰয়োজনীয় কৰ্মচাৰী আৰু আধুনিক সা-সঁজুলি যোগান ধৰা হ’ব। তেওঁ কয় যে ত্ৰিপুৰাক ড্ৰাগছ আৰু অপৰাধ মুক্ত ৰাজ্য হিচাপে প্ৰচেষ্টা লোৱা হৈছে।

Related News