দলত্যাগে কংগ্ৰেছত কোনো প্ৰভাৱ নেপেলায়ঃ মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দি দি লাপাং

কেইজনমান কংগ্ৰেছ বিধায়কৰ দলত্যাগে মেঘালয় বিধানসভাৰ আসন্ন নিৰ্বাচনত দলটোৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দি দি লাপাঙে আজি দাবী কৰে যে ৰাজ্যখনৰ কংগ্ৰেছ দলটো আজিও ‘একগোট হৈ আছে’ আৰু কেইজনমান এম এল এ’ৰ দলত্যাগ তেওঁলোকৰ বাবে কোনো ভাবুকি নহয়।

শ্বিলঙৰ নিজা বাসভৱনত আজি বিয়লি সংবাদমাধ্যমক সম্বুধি প্ৰবীন নেতাজনে কয় যে দলত সহজবোধ নকৰা কেইজনমান বিধায়কে দল ত্যাগ কৰিছে। তেওঁ দাবী কৰে যে, ‘কিন্তু দলত্যাগ কৰাসকলে নিজৰ লগত সকলোকে লৈ যাব নোৱাৰে। তৃণমূলৰ কৰ্মীসকল এতিয়াও আমাৰ লগতেই আছে।’

দলত্যাগী কংগ্ৰেছ বিধায়ক আঠজন হ’ল প্ৰীস্তন তিন্ছ্ং, স্নিআভালাং ধৰ, গাইত্লাং ধৰ, কমিংগ’ন ম্ব’ন, ৰৱেল লিংদ’, পি এন ছিয়েম, এ’ এল হেক আৰু জাস্তিন খাৰ।

প্ৰাক্তন মন্ত্ৰী প্ৰীস্তন তিন্ছেঙে মুখ্যমন্ত্ৰী মুকুল চাংমাক একনায়কত্ববাদী বোলাক কঠোৰভাৱে সমালোচনা কৰি প্ৰবীন কংগ্ৰেছ নেতাজনে প্ৰশ্ন কৰে, ‘মন্ত্ৰী পদৰপৰা অপসাৰিত হোৱাৰ পিছতহে কিয় তিন্ছেঙে মুখ্য মন্ত্ৰীক সমালোচনা কৰিছে ?’

লাপাঙে লগতে কয় যে কংগ্ৰেছ দল সৌভাগ্যৱান কাৰণ ই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে কেবাখনো নতুন মুখ পাইছে। প্ৰীস্তন তিন্ছঙৰ বিৰুদ্ধে জেলিংতন ৰিংদ’, পি এন ছিয়েমৰ বিৰুদ্ধে অৱসৰপ্ৰাপ্ত আমোলা সাংপ্লিয়াং, স্নিআভালাং ধৰৰ বিৰুদ্ধে প্ৰাক্তন গৃ্হ সচিব জপ্থিআও লিংদ’ আৰু গাইত্লাং ধৰৰ বিৰুদ্ধে জৰ্জ লিংদ’ই প্ৰতিদ্বন্দ্বিতা কৰিব।

তেওঁ লগতে কয় যে, ‘মই নীতিগতভাৱে বিশ্বাস কৰোঁ যে কোনো ব্যক্তিয়ে অপৰিহাৰ্য নহয়।’