• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীৰ সভাত সুবোধ বিশ্বাসক নিৰ্দোষী বুলিলে নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতিয়ে : বিদশীক ধৰ্ম আৰু ভাষাৰে নাচাবলৈ আহ্বান জৰ্জ বেকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2018 8:12 am
nrc.
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমীয়া মানুহ বাঙালী বিদ্বেষী নহয়। বহুতো অসমীয়া মানুহে ৰবীন্দ্ৰ সাহিত্য চৰ্চা কৰে। বিদেশীক কেতিয়াও ধৰ্ম বা ভাষাৰে বিভক্ত কৰিব নালাগে। বিদেশী বিদেশীয়েই। অসমীয়া আৰু বাঙালীৰ মাজত বিভেদ সৃষ্টিৰ বাবে একাংশই উঠি-পৰি লাগিছে। নাগৰিকপঞ্জীৰ নামত ৰাজনীতি কৰা অনুচিত।’ দিল্লীৰ প্ৰেছ ক্লাব অব ইণ্ডিয়াত অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো সন্দৰ্ভত অনুষ্ঠিত এখন আলোচনা সভাত এই মন্তব্য কৰিছে খ্যাতিমান অভিনেতা তথা প্ৰাক্তন সাংসদ জৰ্জ বেকাৰে। এই মন্তব্যৰে কাৰ্য্যতঃ তেওঁ অসম আৰু অসমীয়াৰ ন্যায্য স্বাৰ্থৰ পক্ষত থিয় দিয়ে।

ইয়াৰ বিপৰীতে হিউমেন প্ৰটেকশ্যন এণ্ড এৱাৰনেছ অৰ্গেনাইজেশ্যন নামৰ এটা বে-চৰকাৰী সংগঠনৰ উদ্যোগত আয়োজিত এই আলোচনা সভাত অসমত সক্ৰিয় হৈ থকা একাংশ বাঙালী সংগঠনে অসম-বিৰোধী স্থিতি লোৱা দেখা গ’ল। অসমত থকা বাঙালী লোকসকলৰ প্ৰতি অন্যায় কৰাৰ অভিযোগ আনি এই সংগঠনকেইটাই অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো বন্ধ ৰাখিবলৈ দাবী উত্থাপন কৰে।

Apply Now

আনকি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ যুক্তিযুক্ততা লৈয়ো প্ৰশ্ন উত্থাপন কৰে সংগঠনকেইটাৰ বিষয়ববীয়াসকলে।

বৰাক উপত্যকা নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চৰ হৈ এই আলোচনা সভাখনত উপস্থিত থকা প্ৰসেনজিত বিশ্বাসে অসমত বাস কৰা বাঙালী লোকসকল অসুৰক্ষিত বুলি উল্লেখ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত অসমৰ ভাষিক সংখ্যালঘু লোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰে।

তেওঁ কয় যে বিদেশী বুলি সন্দেহ কৰি বহু সংখ্যক লোকক ডিটেনশ্যন কেম্পত বন্দী কৰি ৰখা হৈছে। এই আটাইবোৰ অসমত বাঙালী লোকসকলৰ ওপৰত পৰিকল্পিত তথা ষড়যন্ত্ৰমূলক আক্ৰমণ বুলি তেওঁ অভিযোগ কৰে।

আনহাতে, নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতিৰ সাধাৰণ সম্পাদক অম্বিকা ৰয়ে নাগৰিকপঞ্জী উন্নীতকৰণৰ পাছত অসমত প্ৰায় ৫০ লাখ লোক গৃহহাৰা হ’ব বুলি গুৰুত্বপূৰ্ণ অভিযোগ কৰে।

মন কৰিব লগীয়া যে অম্বিকা ৰয়ে চিলাপথাৰ কাণ্ডত অভিযুক্ত সুবোধ বিশ্বাসক নিৰ্দোষী বুলি দাবী কৰে। তেওঁ কয় যে নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতিয়ে আয়োজন কৰা সমদলত একাংশ ছাত্ৰ সন্থাৰ সদস্যইহে আক্ৰমণ কৰিছিল। পিছত মিছা গোচৰত অভিযুক্ত কৰি নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতিৰ সভাপতি সুবোধ বিশ্বাসক জে’লত ভৰাই থৈছে। তেৱোঁ নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম বন্ধ ৰখাৰ বাবে দাবী কৰে।

আনহাতে, অসমৰ পৰা অহা প্ৰসেনজিত বিশ্বাসে নাগৰিকপঞ্জী উন্নীতকৰণৰ নিৰ্দেশ দিয়া বিচাৰপীঠখনৰ বৈধতাক লৈও প্ৰশ্ন উহ্থাপন কৰে। সভাখনত কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত আছিল। ইয়াৰ ভিতৰত কৰিমগঞ্জৰ সাংসদ ৰাধেশ্যাম বিশ্বাস, চি পি আই (এম)ৰ সাংসদ মহমদ চেলিম, সদৌ অসম বাঙালী য়ুনিয়নৰ চিত্ত পাল উল্লেখযোগ্য।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd