‘অসমীয়া মানুহ বাঙালী বিদ্বেষী নহয়। বহুতো অসমীয়া মানুহে ৰবীন্দ্ৰ সাহিত্য চৰ্চা কৰে। বিদেশীক কেতিয়াও ধৰ্ম বা ভাষাৰে বিভক্ত কৰিব নালাগে। বিদেশী বিদেশীয়েই। অসমীয়া আৰু বাঙালীৰ মাজত বিভেদ সৃষ্টিৰ বাবে একাংশই উঠি-পৰি লাগিছে। নাগৰিকপঞ্জীৰ নামত ৰাজনীতি কৰা অনুচিত।’ দিল্লীৰ প্ৰেছ ক্লাব অব ইণ্ডিয়াত অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো সন্দৰ্ভত অনুষ্ঠিত এখন আলোচনা সভাত এই মন্তব্য কৰিছে খ্যাতিমান অভিনেতা তথা প্ৰাক্তন সাংসদ জৰ্জ বেকাৰে। এই মন্তব্যৰে কাৰ্য্যতঃ তেওঁ অসম আৰু অসমীয়াৰ ন্যায্য স্বাৰ্থৰ পক্ষত থিয় দিয়ে।
ইয়াৰ বিপৰীতে হিউমেন প্ৰটেকশ্যন এণ্ড এৱাৰনেছ অৰ্গেনাইজেশ্যন নামৰ এটা বে-চৰকাৰী সংগঠনৰ উদ্যোগত আয়োজিত এই আলোচনা সভাত অসমত সক্ৰিয় হৈ থকা একাংশ বাঙালী সংগঠনে অসম-বিৰোধী স্থিতি লোৱা দেখা গ’ল। অসমত থকা বাঙালী লোকসকলৰ প্ৰতি অন্যায় কৰাৰ অভিযোগ আনি এই সংগঠনকেইটাই অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো বন্ধ ৰাখিবলৈ দাবী উত্থাপন কৰে।
আনকি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ যুক্তিযুক্ততা লৈয়ো প্ৰশ্ন উত্থাপন কৰে সংগঠনকেইটাৰ বিষয়ববীয়াসকলে।
বৰাক উপত্যকা নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চৰ হৈ এই আলোচনা সভাখনত উপস্থিত থকা প্ৰসেনজিত বিশ্বাসে অসমত বাস কৰা বাঙালী লোকসকল অসুৰক্ষিত বুলি উল্লেখ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত অসমৰ ভাষিক সংখ্যালঘু লোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰে।
তেওঁ কয় যে বিদেশী বুলি সন্দেহ কৰি বহু সংখ্যক লোকক ডিটেনশ্যন কেম্পত বন্দী কৰি ৰখা হৈছে। এই আটাইবোৰ অসমত বাঙালী লোকসকলৰ ওপৰত পৰিকল্পিত তথা ষড়যন্ত্ৰমূলক আক্ৰমণ বুলি তেওঁ অভিযোগ কৰে।
আনহাতে, নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতিৰ সাধাৰণ সম্পাদক অম্বিকা ৰয়ে নাগৰিকপঞ্জী উন্নীতকৰণৰ পাছত অসমত প্ৰায় ৫০ লাখ লোক গৃহহাৰা হ’ব বুলি গুৰুত্বপূৰ্ণ অভিযোগ কৰে।
মন কৰিব লগীয়া যে অম্বিকা ৰয়ে চিলাপথাৰ কাণ্ডত অভিযুক্ত সুবোধ বিশ্বাসক নিৰ্দোষী বুলি দাবী কৰে। তেওঁ কয় যে নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতিয়ে আয়োজন কৰা সমদলত একাংশ ছাত্ৰ সন্থাৰ সদস্যইহে আক্ৰমণ কৰিছিল। পিছত মিছা গোচৰত অভিযুক্ত কৰি নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতিৰ সভাপতি সুবোধ বিশ্বাসক জে’লত ভৰাই থৈছে। তেৱোঁ নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম বন্ধ ৰখাৰ বাবে দাবী কৰে।
আনহাতে, অসমৰ পৰা অহা প্ৰসেনজিত বিশ্বাসে নাগৰিকপঞ্জী উন্নীতকৰণৰ নিৰ্দেশ দিয়া বিচাৰপীঠখনৰ বৈধতাক লৈও প্ৰশ্ন উহ্থাপন কৰে। সভাখনত কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত আছিল। ইয়াৰ ভিতৰত কৰিমগঞ্জৰ সাংসদ ৰাধেশ্যাম বিশ্বাস, চি পি আই (এম)ৰ সাংসদ মহমদ চেলিম, সদৌ অসম বাঙালী য়ুনিয়নৰ চিত্ত পাল উল্লেখযোগ্য।