দুলীয়াজানৰ ৰজাআলি চাহ বাগিচাত এজন ৫৫ বছৰীয়া ব্যক্তিয়ে এগৰাকী ১৩ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলাই অন্তঃসত্ত্বা কৰাৰ ঘটনা শুকুৰবাৰে পোহৰলৈ আহে।
এই ১৩ বছৰীয়া নাবালিকা গৰাকীক যৌন নিৰ্যাতন চলাই অন্তঃসত্ত্বা কৰা যৌন নিৰ্যাতনকাৰী তথা অভিযুক্ত জনক ধৰ্ম ভূমিজ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। ইতিমধ্যে অভিযুক্ত ধৰ্ম ভূমিজে দুলীয়াজানৰ খেৰমিয়া আৰক্ষী চকীত আত্মসমৰ্পণ কৰিছে।
শিশু সুৰক্ষা সংস্থাৰ সদস্য ৰশ্মিৰেখাই জানিবলৈ দিয়া মতে ১৩ বছৰীয়া নাবালিকা গৰাকীক ধৰ্ম ভূমিজে তিনিমাহৰ পূৰ্বেৰে পৰা যৌন নিৰ্যাতন চলাইছিল যদিও ইমানদিনে ঘটনাটো পোহৰলৈ অহা নাছিল। কিন্তু শুকুৰবাৰে কিশোৰী গৰাকী স্বাস্থ্য পৰীক্ষাৰ অন্তত কিশোৰী গৰাকী অন্তঃসত্ত্বা হোৱাৰ ঘটনা পোহৰলৈ অহাত হে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।
আনাহেত কিশোৰী গৰাকী অন্তঃসত্ত্বা হোৱাৰ কথা জানিব পাৰি শিশু সুৰক্ষা সংস্থাৰ সদস্য গৰাকীয়ে কিশোৰ গৰাকীক সোধ-পোচ কৰাত কিশোৰী গৰাকীয়ে ধৰ্ম ভূমিজে তিনিমাহ কিশোৰী গৰাকীক যৌন নিৰ্যাতন চলাই অহা বুলি জানিবলৈ দিয়ে।
ইফালে খেৰমিয়া গাঁৱৰ স্থানীয় লোকে ধৰ্ম ভূমিজে এই সমগ্ৰ ঘটনা সংঘটিত কৰা বুলি জানিব পাৰি ধৰ্ম ভূমিজক উত্তম-মধ্যম সোধায় আৰক্ষীক চমজাই দিয়ে।