• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাঁও পঞ্চায়তত বিয়াগোম কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ যোগীজান ব্লকৰ কনিষ্ঠ অভিযন্তা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 19, 2018 9:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হোজাই জিলাত গ্ৰামোন্নয়নত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে বৃহস্পতিবাৰে এগৰাকী কনিষ্ঠ অভিযন্তাক ডবকা আৰক্ষীয়ে আটক কৰে। হোজাই জিলা উন্নয়ন খণ্ডৰ অন্তৰ্গত ডবকাৰ হিন্দু ব্লক গাওঁ পঞ্চায়তত সংঘটিত বিয়াগোম কেলেংকাৰীৰ বাবে অভিযন্তা বিল্পৱ দাসক গ্ৰেপ্তাৰ কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি হোজাই সমষ্টিৰ যোগীজান উন্নয়ন খণ্ডৰ অধীনস্থ ১৩টা পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু ব্লক পঞ্চায়তৰ জৰিয়তে ২০১৪-১৫ বিত্তীয় বৰ্ষত ৫৯৮.২৩ লাখ টকা আবণ্টন দিয়া হৈছিল।  তাৰে হিন্দু ব্লক গাওঁ পঞ্চায়তৰ এ পি শিতানত ১৩.৪৪ লাখ টকা আৰু গাওঁ পঞ্চায়ত শিতানত ৫৪.৭৪ লাখ টকা সুকীয়াকৈ দিয়া হয়। ২০১৫-১৬ বিত্তীয় বৰ্ষত একেটা ব্লকত এনৰেগা আচনিৰ অধীনত ৭১৪.২ লাখ টকা আবণ্টন দিয়া হয়। তাৰ পৰা হিন্দু ব্লক পঞ্চায়তত এ পি শিতানত ১২.৫৯ লাখ টকা আৰু গাওঁ পঞ্চায়ত শিতানত ৫৯.৬৬ লাখ টকা দিয়া বুলি চৰকাৰী তথ্যত প্ৰকাশ। যোগীজান উন্নয়ন খণ্ডৰ হিন্দু ব্লক গাওঁ পঞ্চায়তত আবণ্টন দিয়া এনৰেগা আঁচনিৰ পুঁজিত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হৈ অহা বুলি চৰ্চিত হৈ আছিল। পঞ্চায়তৰ প্ৰতিটো স্তৰতে সংঘটিত হোৱা কেলেংকাৰীৰ বাবে যোৱা বছৰত স্থানীয় এজন নাগৰিকে ৪৬/১৭ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৪১৯/৪৬৮/৪৭১/৪০৬/১২০ (বি)/৫০৬/৩৪ ধাৰাত ডবকা থানাত এক গোচৰ পঞ্চীয়ন কৰিছিল। সেই গোচৰত অভিযুক্ত অভিযন্তা বিল্পৱ দাস ডবকা আৰক্ষীৰ পৰা দীৰ্ঘ দিনে পলাই থকাৰ অন্তত বুধবাৰে ডবকা আৰক্ষীয়ে নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

যোগীজান ব্লকৰ কেইবাটাও পঞ্চায়তত এনৰেগা আঁচনিৰ দায়িত্বৰ লগতে হিন্দু ব্লক পঞ্চায়তৰ এনৰেগা আঁচনিৰ কাৰিকাৰী দিশ চোৱাচিতাৰ দায়িত্বত আছিল এইগৰাকী অভিযন্তা। এই সুযোগতে পঞ্চায়তখনত ২০১৫-১৬ বিত্তীয় বৰ্ষত ডবকা গাঁও গড়কাপ্টানি পথৰ পৰা গিয়াছ উদ্দিনৰ ঘৰ হৈ আব্দুল হালিমৰ ঘৰ পৰ্যন্ত বান্ধ নিৰ্মাণৰ নামত চাৰিটা মাষ্টাৰৰোলৰ জৰিয়তে ৯ লাখ ২৪ হাজাৰ, ৭১৪ টকা, ডবকা গড়কাপ্টানি পথৰ কাষত ফেন্সিং আৰু বৃক্ষৰোপণৰ নামত থকা আঁচনিৰ ধন, যমুনা মথাউৰি নিৰ্মাণ আদিকে ধৰি কেইবাটাও আঁচনিত পঞ্চায়ত সভাপতি চাহাবুদ্দিন, গ্ৰাম ৰোজগাৰ সহায়ক আৰু কনিষ্ঠ অভিযন্তা বিপ্লৱে মিলি ব্যাপক লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ উঠিছে। কেৱল এই আঁচনি নহয়, পঞ্চায়তখনত ৰূপায়ণ হৈ থকা প্ৰতিটো আঁচনিতে লুন্ঠনৰাজ চলাইছিল এই বাহিনীটোৱে। এ পি সদস্যা, সভাপতি আৰু কনিষ্ঠ অভিযন্তাৰ লুণ্ঠনত অতিষ্ঠ হৈয়ে স্থানীয় ৰাইজে ডবকা থানাত বিগত বৰ্ষত এক গোচৰ ৰুজু কৰিছিল। ডবকা আৰক্ষীয়ে এই গোচৰৰ তদন্তৰ অন্তত সভাপতি চাহাবুদ্দিনক আটক কৰি জেললৈ প্ৰেৰণ কৰিছিল যদিও ইমান দিনে বিল্পৱ দাসে আত্মগোপন কৰি আছিল। সুদীৰ্ঘ দিন আত্মগোপনৰ অন্তত বুধবাৰে ডবকা থানাৰ তদন্তকাৰী বিষয়া এইচ এ মজুমদাৰে এক গোপন সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি বিল্পৱ দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৃহস্পতিবাৰে অভিযন্তাজনক হোজাই শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰাত আদালতে অভিযুক্ত বিপ্লৱ দাসক দুদিনৰ বাবে ডবকা আৰক্ষীৰ জিম্মালৈ প্ৰেণ কৰে।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

June 21, 2026 3:55 pm
সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

June 21, 2026 2:45 pm
স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

June 21, 2026 1:34 pm
মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

June 21, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

June 21, 2026 3:55 pm
সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

June 21, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd