দৈগ্ৰোং বালি মহলৰ কেলেংকাৰীৰ সৈতে জড়িত গোলাঘাটৰ ডি এফ অ’ ৰাজীৱ কুমাৰ দাসক অৱশেষত অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই আজি গুৱাহাটীৰ পৰা আটক কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে গোলাঘাট জিলাৰ ডি এফ অ’ হৈ থকাৰ সময়ছোৱাত এই জন ৰাজীৱ কুমাৰ দাসে দৈগ্ৰোঙৰ বালি মহলত সংঘটিত এক বৃহৎ কেলেংকাৰীৰ সৈতে জড়িত আছিল। আৰু তেওঁৰ বিৰুদ্ধে বিভিন্নজনে এই অভিযোগ উত্থাপন কৰিছিল।
আনহাতে এই কেলেংকাৰীৰ সৈতে ডি এফ অ’ ৰাজীৱ কুমাৰ দাসৰ লগতে বন বিভাগৰ ৰেঞ্জাৰকৰকে ধৰি ১০ জন এই কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল।
পিছত ২০১৭ চনৰ ডিচেম্বৰত এ ডি জি পি প্ৰতিম দুৱাৰাই দাখিল কৰা এক এজাহাৰৰ ওপৰত ভিত্তি কৰি অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই দৈগ্ৰোঙৰ কেলেংকাৰীৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। ইফালে অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই তদন্ত আৰম্ভ কৰাৰ লগে লগে ৰাজীৱ কুমাৰ দাসৰ লগতে তেওঁৰ লগত থকা আন কেইজনেও আটক হোৱাৰ ভয়তে পলায়ন কৰি আছিল।
পূৰ্বতে অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই বন বিভাগৰ ডেপুটি ৰেঞ্জাৰ মুকুল আলি হাজৰিকা, ৰেঞ্জাৰ পানেশ্বৰ দাস আৰু ঠিকাদাৰ আব্দুল মিলুক আটক কৰিছিল।
অৱশেষত আজি গুৱাহাটী মহানগৰীৰৰ পৰা অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই আত্মগোপন কৰি থকা অৱস্থাৰ পৰা কেলেংকাৰীৰ সৈতে জড়িত তথা মূল অভিযুক্ত ৰাজীৱ কুমাৰ দাসক আটক কৰিবলৈ সক্ষম হয়।
ইতিমধ্যে কেলেংকাৰীৰ সৈতে জড়িত জনৰ ভিতৰত ৪ জনক আটক কৰাৰ বিপৰীতে আৰু ৬ জনক এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ বাকী আছে।