কাৰ্বি আংলঙৰ ডকমকাত নৃশংসভাৱে হত্যা কৰা নিৰিহ যুৱক ক্ৰমে অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ হত্যাৰ লগত জড়িত দোষীক ফাঁচীৰ দাবী জনাই হাতে-হাতে প্লে’কাৰ্ড বেনাৰ লৈ অভিজিতৰ পিতৃগৃহ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত সোনতলি ছিগা গাঁৱৰ গাওঁবাসীৰ লগতে বিভিন্ন দল সংগঠন আজি ৰাজপথলৈ মৌন সমদল কৰি ওলাই আহিল।
শিৱসাগৰ জিলা যোগী সন্মিলনিৰ আহ্বানক্ৰমে আৰু বিভিন্ন দল সংগঠনৰ লগতে গাওঁবাসীৰ সহযোগত সোনতলি ছিগা গাঁৱৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেদি প্ৰখৰ ৰদকো নেওচি প্ৰায় ডেৰ শতাধিকতকৈও অধিক ৰাইজে মৌন সমদল কৰি গৌৰীসাগৰ আৰক্ষী থানালৈ আহে।
‘অন্ধবিশ্বাস দুৰ কৰক’, ‘ঘটনাৰ উচিত তদন্ত কৰক, ‘ঘটনাৰ লগত জড়িত দোষীক ফাঁচী দিয়ক’, আদি শ্লগান লিখা প্লে’কাৰ্ড লৈ মৌন সমদল কৰা প্ৰতিবাদী দলটো গৌৰীসাগৰ থানাৰ সমীপৰ বজাৰগৃহত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে।
জিলা যোগী সন্মিলনিৰ সভাপতি অজিত নাথে আঁত ধৰা সভাখনত গৌৰীসাগৰ কল্পদ্ৰুম নাট্য সন্মিলনিৰ সম্পাদক তথা আউলিঙৰ জুই উপন্যাসৰ স্ৰষ্টা প্ৰাক্তন আলফা নেতা জীৱন কৃষ্ণ গোস্বামীয়ে দুই নিৰিহ যুৱকৰ হত্যাণ্ডক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাই।
অন্যহাতে জিলা যোগী সন্মিলনিৰ সহ সম্পাদক দিলীপ নাথেও দুই নিৰিহ যুৱকৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে কয় যে চৰকাৰে যি কোনো ঘটনাৰ তদন্ত কৰাই যদিও তদন্তৰ ফলাফল কোনো দিনে ৰাজহুৱা নকৰে। ইয়াৰ উপৰিও প্ৰতিবাদী সভাত গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মেদীনী মোহন, গৌৰীসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক ৰাজীৱ দত্তকে প্ৰমূখ্য কৰি বহু কেইজনে অংশ গ্ৰহন কৰি ভাষণ প্ৰদান কৰে।
প্ৰতিবাদী সভাৰ অন্তত গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দাদু বৰাৰ জৰিয়তে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ ঘটনাৰ উচিত তনন্তৰ লগতে দোষীক কঠোৰতম শাস্তি দিয়াৰ দাবী জনাই এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়। স্মাৰকপত্ৰৰ প্ৰতিলিপি অসম চৰকাৰৰ গৃহ আয়ুক্ত আৰু শিৱসাগৰ জিলা উপায়ুক্তলৈও প্ৰেৰণ কৰে।
আনহাতে আজিৰ এই প্ৰতিবাদী সমদলটোত চাৰিং আঞ্চলিক কমচাৰী পৰিষদ, গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থা, সোনতলি ছিগা প্ৰাথমিক ছাত্ৰ সন্থা, সোনতলি ছিগা বৰ্ণিল সাংস্কৃতিক গোষ্ঠী, সোণতলি ছিগা মহিলা সমিটি, গৌৰীসাগৰ মণ্ডল বিজেপিকে ধৰি বহুকেইটা সংগঠনে অংশ গ্ৰহন কৰে।