ৰাজ্যখনত বৃদ্ধি পোৱা ধৰ্ষণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ধৰ্ষণকাৰীৰ শাস্তি সম্পৰ্কীয় আইন প্ৰৱৰ্তন কৰাৰ পিছতো ধুবুৰী জিলাৰ বিলাসীপাৰাত কালি নিশা এটা দুৰ্বৃত্ত তথা নৰাধমে এগৰাকী ৭ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰে।
উল্লেখযোগ্য যে ৭ বছৰীয়া নাবালিকা গৰাকী ২৯ এপ্ৰিলৰ দিনা বিয়লিৰ পৰা সন্ধানহীন হৈ আছিল। পৰিয়ালৰ লোকে কিশোৰগৰাকীৰ সন্ধানত বিচাৰ-খোচাৰ কৰিছিল যদিও কিশোৰী গৰাকীৰ কোনো শুংসূত্ৰ লাভ কৰা নাছিল।
ফলত পৰিয়ালৰ লোকে ধুবুৰী জিলাৰ বিলাসীপাৰা ম’হকুমাৰ ৰাণীগঞ্জ আৰক্ষী চকীত কিশোৰী গৰাকী সন্ধানহীন হোৱাৰ বিষয়ে অৱগত কৰে।
আনহাতে আৰক্ষীয়ে কিশোৰী গৰাকীৰ সন্ধানহীন সন্দৰ্ভত অনুসন্ধান চলাই কিশোৰগৰাকীৰ অপহৰণ কাৰ্যৰ সৈতে জড়িত গৌৰী শংকৰ নাথ নামৰ অপহৰণকাৰী তথা দুৰ্বৃত্তক আটক কৰবিলৈ সক্ষম হয়। পিছত অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত কিশোৰী গৰাকীৰ সমীপৰ এখন পথাৰৰ পৰা কিশোৰী গৰাকীৰমৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে অভিযুক্ত গৌৰী শংকৰ নাথ বিলাসীপাৰাৰ ৰাণীগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত পুৰণিলাউপাৰা গাঁৱৰ নিৱাসী বুধেশ্বৰ নাথৰ পুতেক বুলি চিনাক্ত কৰিছে।
আৰক্ষীয়ে জনোৱা অনুসৰি অভিযুক্ত গোৰী শংকৰ নাথক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩০২ নং ধাৰা অনুসৰি হত্যাৰ অপৰাধত আৰু ৩৭৬ নং ধাৰা অনুসৰি ধৰ্ষণৰ অপৰাধত এক গোচৰ ৰুজুৰ কৰাৰ উপৰিও শিশুক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধতো অভিযুক্ত কৰিছে।
আৰক্ষীয়ে ইতিমধ্যে নাবালিকাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালৰ লোকক চমজাই দিয়াৰ লগতে অভিযুক্তক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিছে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।