ধুবুৰী চহৰৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে শনিবাৰে হাতত বন্দুক তুলি লোৱাৰ হুংকাৰ প্ৰদান কৰে। ধুবুৰী জিলা পৌৰসভাৰ প্ৰৱঞ্চনাৰ বলি হৈ ক্ষুদ্ৰ ব্যৱসায়ী সকলে এই হুংকাৰ প্ৰদান কৰে।
উল্লেখযোগ্য যে ধুবুৰী চহৰত শনিবাৰে ধুবুৰী জিলা প্ৰশাসনে এক উচ্ছেদ অভিযান চলাই বৌ বজাৰৰ পথৰ প্ৰায় অৰ্ধশতাধিক দোকান উচ্ছেদ কৰে।
আনহাতে ব্যৱসায়ীসকলে ধুবুৰী পৌৰসভাই পদ পথৰ ব্যৱসায়ী সকলক কাৰ পাৰ্কিঙৰ ৰচিত প্ৰদান কৰি পদ পথৰ ওপৰত ব্যৱসায়ী কৰাৰ অনুমতি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে।
ব্যৱসায়ী সকলে উত্থাপন কৰা অভিযোগ অনুসৰি ধুবুৰী পৌৰসভাই তেওঁলোকৰ পৰা পদপথৰ ওপৰত ব্যৱসায়ী কৰাৰ বাবে কৰ সংগ্ৰহ কৰাৰ পিছতো শনিবাৰে কোনো ধৰণৰ জাননী নিদিয়াকৈ জিলা প্ৰশাসনে তেওঁলোকক উচ্ছেদ কৰে।
ফলত স্বাভাৱিকতে প্ৰশাসনৰ এই জাননী বিহীন উচ্ছেদ কাৰ্যত ক্ষোভিত হৈ পৰে ব্যৱসায়ী সকল। ব্যৱসায়ী সকলে হুংকাৰ প্ৰদান কৰে যে যদি তেওঁলোকৰ উপপাৰ্জনৰ পথ বন্ধ হয় তেন্তে প্ৰয়োজনত তেওঁলোকে হাতত বন্দুক তুলি ল’ব।