নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ বুধবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱা চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হয়৷ উক্ত চলচ্চিত্ৰ মহোৎসৱত তিনিখনকৈ অসমীয়া কলাত্মক কথাছবি প্ৰদৰ্শন কৰা হয়। মহাবিদ্যালয়খনৰ ছহিদ অনিল বৰা প্ৰেক্ষাগৃহত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা কথাছবি কেইখন হৈছে ক্ৰমে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ৰঞ্জিত দাসৰ ‘সংস্কাৰ’, ধ্ৰুৱজ্যোতি বৰদলৈৰ ‘দূৰণিৰ নিৰলা পঁজা’, আৰু পৰিচালক চিত্ৰনিৰ্মাতা অৰূপ মান্নাৰ ‘আৰোহী’ ৷
পুৱা ১১ বজাত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যই বন্তি প্ৰজ্বলেনেৰে এই চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধন কৰে। নগাঁও মহাবিদ্যালয়ৰ দৰে ৰাজ্যৰ এখন ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠানৰ মহাৰজত জয়ন্তীৰ কাৰ্যসূচীত চলচ্চিত্ৰ মহোৎসৱক অন্তৰ্ভুক্ত কৰাত সন্তুষ্টি প্ৰকাশ কৰি ভট্টাচাৰ্যই কয় যে চলচ্চিত্ৰ মহোৎসৱক এই মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ অংশ হিচাপে স্থান দিয়া হৈছে৷ এই মহোৎসৱ একক নহয়। চলচ্চিত্ৰ মহোৎসৱ চলচ্চিত্ৰৰ দৰ্শক আৰু নিৰ্মাতা গঢ়াৰ এটা অবিৰত যাত্ৰা৷ এই যাত্ৰাৰ সংগী এইসকল দৰ্শক।
আনহাতে, সাংস্কৃতিক ক্ষেত্ৰত নগাঁৱৰ অৱদানৰ কথা উনুকিয়াই বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ভট্টাচাৰ্যই কয় যে নগাঁৱে বহু চলচ্চিত্ৰৰ প্ৰতিভা জন্ম দিছে। নগাঁৱৰ পৰা প্ৰথম যিখন চলচ্চিত্ৰ নিৰ্মাণ হৈছিল তাৰ পৰিচালক আছিল নগাঁৱৰ সন্তান অসিত সেন। এই নগাঁৱৰে নমস্য অভিনেতা পৰিচালক দুগৰাকী হৈছে চন্দ্ৰ ফুকন আৰু সাৰদাকান্ত বৰদলৈ। সাংস্কৃতিক জগতলৈ অৰিহণা আগবঢ়োৱা অভিনেতা তচদ্দুক ইউচুফ, সংগীত জগতৰ ইক্ৰামুল মজিদ, তাৰিক উদ্দিন আহমেদ, দুৰ্গা বৰা, বিবেকানন্দ ভট্টাচাৰ্য, পাৰবিন চুলতানা আদি নগাঁৱৰ সন্তান।
আনহাতে, চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালক, অৰূপ মান্নাই নগাঁও মহাবিদ্যালয়ৰ চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰা কাৰ্যই সুস্থ চলচ্চিত্ৰৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ লগতে দৰ্শকৰ আগ্ৰহ বৃদ্ধি কৰিব বুলি ব্যক্ত কৰে। নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড: শৰৎ বৰকটকীয়ে আদৰণী ভাষণ প্ৰদান কৰে। চলচ্চিত্ৰ মহোৎসৱত পৰিচালক ৰঞ্জিত দাস, ধ্ৰুৱজোতি বৰদলৈ আৰু চলচ্চিত্ৰপ্ৰেমী কনক কলিতাক উদ্যোক্তাসকলে আদৰণী জনায়৷ চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে নাট্য কৰ্মী সপোনটি বৰদলৈয়ে।
মহাবিদ্যালয়খনৰ ছহিদ অনিল বৰা প্ৰেক্ষাগৃহত আন এক কাৰ্যসূচী ৰূপায়ন কৰা হয়। সদ্য প্ৰয়াত সাংবাদিক তথা সাপ্তাহিক কলংপাৰ কাকতৰ সম্পাদক বলেন বৰাৰ সোঁৱৰণত মেধাৱী ছাত্ৰী তথা শ্ৰেষ্ঠ স্নাতক ধীৰাংকনা বৰাক ”সাংবাদিক বলেন বৰা সোঁৱৰণী শৈক্ষিক বঁটা” প্ৰদান কৰা হয়। বিশিষ্ট সাংবাদিকজনৰ প্ৰতি শ্ৰদ্ধা জনাই এই বঁটা প্ৰদান কৰিছে সাংবাদিকগৰাকীৰ ভাগিনীয়েক ত্ৰিবেণী বৰাই। ত্ৰিবেণী বৰাই জনোৱা মতে প্ৰয়াত বলেন বৰাই শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত তেওঁলোকক সদায় উৎসাহিত কৰি আহিছিল। সেয়ে তেখেতৰ এনে আদৰ্শ নৱ প্ৰজন্মৰ আগত দাঙি ধৰাৰ বাবেই এই বঁটা প্ৰদানৰ ইচ্ছা প্ৰকাশ কৰি নগাঁও মহাবিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰে আৰু তেওঁলোকেও সন্মতি প্ৰকাশ কৰে।
ইপিনে মহাবিদ্যালয় কৰ্তৃপক্ষই কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা ধীৰাংকনা বৰাক শ্ৰেষ্ঠ স্নাতক বঁটা, ইংৰাজী বিষয়ত স্নাতক পৰীক্ষাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰা পল্কী দত্ত, কলা শাখাৰ ভুগোল বিজ্ঞানত প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰা চিন্তুমণি বৰা, বিজ্ঞান শাখাৰ ভূগোল বিজ্ঞানত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰা মধুস্মৃতা শইকীয়াকো বঁটা প্ৰদান কৰে। তদুপৰি অসমীয়া বিভাগত মহাবিদ্যালয়ৰ ভিতৰত শ্ৰেষ্ঠ স্থান লাভ কৰা পল্লৱী শৰ্মাক প্ৰয়াত তাৰিনী প্ৰসাদ শৰ্মা আৰু প্ৰতিভাদেৱী সোঁৱৰণী বঁটা আগবঢ়ায় তেওঁৰ পুত্ৰ ডাঃ দীপক শৰ্মাই।