ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকলৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা ভিত্তিহীন আৰু উচটনিমূলক মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি হিন্দু-বেঙ্গলী নাগৰিক মঞ্চই বহস্পতিবাৰে নগাঁও কলেজৰ চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মমতাৰ প্ৰতিকৃতি দাহ কৰে ৷
অসমীয়া-বঙালীৰ মাজৰ বিভেদ সৃষ্টি কৰাৰ চেষ্টা নকৰিবলৈকো মমতা বেনাৰ্জীক সকীয়াই দিয়ে সংগঠনটোৱে।
উল্লেখ্য যে, সৰ্বসন্মত অসম চুক্তিৰ আধাৰত, চুক্তি স্বাক্ষৰিত হোৱাৰ ৩২ বছৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত খচৰাক অসমত বিভিন্নজনে আদৰণি জনোৱাৰ বিপৰীতে প্ৰকাশৰ মুহূৰ্ততে খচৰাখনক কাৰ্যতঃ নস্যাৎ কৰি এন আৰ চিয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা বুলি দাবী কৰিছিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
আনহাতে, বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন স্থানত এন আৰ চিকলৈ মমতা বেনাৰ্জীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যখনত শান্তি-সম্প্ৰীতিৰে বসবাস কৰি থকা বঙালী সম্প্ৰদায়ৰ লোকসকলেও মমতা বেনাৰ্জীৰ উচটনিমূলক মন্তব্যক গৰিহণা দিছে।