নগাঁও চহৰৰ নিকটৱৰ্তী ভোটাইগাঁৱত কালি নিশা একাংশ লোকে মৰেল পুলিচৰ ভূমিকা লোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইটাচালি আৰক্ষী চকীৰ অন্তৰ্গত নগাঁও বাইপাছৰ ভোটাইগাঁও অংশত থকা উৰণীয়া সেতুৰ তলত কালি নিশা প্ৰায় ১১ মান বজাত নিজকে গাঁওৰক্ষী বাহিনীৰ লোক বুলি পৰিচয় দিয়া পাঁচজনীয়া দুৰ্বৃত্তৰ এটা দলে বঢ়মপুৰ পুতনি গোমোঠাগাঁৱৰ আত্মীয়ৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কৰি স্কুটি আৰু গাড়ীৰে নগাঁও চহৰৰ ডিমৰুগুৰি লাচিতপুৰস্থিত বাস ভৱনলৈ উভতি অহা এটা পৰিয়ালৰ ওপৰত মৰেল পুলিচগিৰি দেখুৱাই শাৰিৰীক আৰু মানসিকভাৱে নিৰ্যাতন চলায়।
হাতে হাতে দা,লাঠি লৈ নিচাসক্ত অৱস্থাত থকা দুৰ্বৃত্তৰ দলটোৱে পৰিয়ালটো উঠি অহা স্কুটি আৰু গাড়ীখন টৰ্চ মাৰি ৰখাই এঘণ্টাৰো অধিক সময় পৰিয়ালটোৰ পুৰুষ সদস্যৰ লগতে মহিলা সদস্যাসকলকো নিৰ্যাতন চলায় বুলি জানিব পৰা গৈছে। দলটোৰ নিৰ্যাতনৰ পৰা আনকি সাৰি নগল এবছৰীয়া এটা শিশুও। পাছত উপস্থিত বুদ্ধি খটুৱাই পৰিয়ালটোৱে দুৰ্বৃত্তৰ দলটোৰ কবলৰ পৰা কথমপি সাৰি আহিবলৈ সক্ষম হয়৷
আজি এই বিষয়ে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰি ন্যায় দাবী কৰে ভুক্তভোগী পৰিয়ালটোৰ সদস্য ৰাজেশ্বৰী মহন্ত(ৰশ্মি)ই।
উল্লেখযোগ্য যে নগাঁৱত সম্প্ৰতি বৃদ্ধি পাইছে চুৰি- ডকাইতিৰ দৰে অপৰাধৰ ঘটনা৷ যোৱা দুটা দিনত নগাঁৱত সংঘটিত হয় দুটাকৈ দিন ডকাইতিৰ ঘটনা। আনহাতে নগাঁৱৰ বঢ়মপুৰত আজি দিনৰভাগত ৰাজপথতে এক দিন ডকাইতিৰ ঘটনা সংঘটিত হয়৷ বঢ়মপুৰৰ আমনি গাঁৱত এগৰাকী বন্ধন বেংকৰ কৰ্মচাৰীৰ পৰা পিষ্টল দেখুৱাই লক্ষাধিক টকা লুট কৰি নিয়ে দুৰ্বৃত্তই। মামণি বিশ্বাস নামৰ বন্ধন বেংকৰ কৰ্মচাৰীগৰাকীয়ে বন্ধন গোটৰ সাপ্তাহিক কিস্তিৰ ধন সংগ্ৰহ কৰি এখন স্কুটীৰে বেংকলৈ গৈ থাকোতে তিনি অস্ত্ৰধাৰী যুৱকে যুৱতী কৰ্মচাৰীগৰাকীক আগচি ধৰি আক্ৰমণ কৰে আৰু টকাখিনি কাঢ়ি লৈ যায়। দুৰ্বৃত্তই আনকি কৰ্মচাৰীগৰাকীৰ স্কুটীৰ ছাবিটোও কাঢ়ি লৈ যায় ৷ এই দিন ডকাইতিৰ ঘটনা সম্পৰ্কত বেংক কৰ্তৃপক্ষই ইটাচালি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই।
ইফালে, নগাঁৱৰ ৰাইদংগীয়াত কালি বিয়লি এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা সংঘটিত হয়। অস্ত্ৰৰে সুসজ্জিত হৈ অহা তিনি দুৰ্বৃত্তই দুজনকৈ লোকক আক্ৰমণ কৰাৰ লগতে শূন্যলৈ গুলী ফুটাই লুটি লৈ যায় নগদ ১,৮০,০০০ টকা। গোবিন্দ শৰ্মা আৰু সুব্ৰত দে নামৰ হিন্দুস্হান লিভাৰৰ দুই কৰ্মচাৰীৰ পৰা লুটি নিয়ে টকাখিনি। ঘটনাস্থলিত জাজৰি আৰক্ষী উপস্থিত হৈ তদন্ত কাৰ্য অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো ধৰণৰ শুংসূত্ৰ উলিৱাব পৰা নাই বুলি জানিব পৰা গৈছে।