আজি ৰাজ্যখনৰ নলবাৰী আৰু বৰপেটা জিলাত সংঘটিত দুটা পৃথক পথ দুৰ্ঘটনাত এগাৰীক মহিলা আৰু এজন ব্যক্তি থিতাতে নিহত হয়।
নলবাৰী :
নলবাৰীৰ মাখিবাহা পথৰ নান্নাট্টাৰীত বৃহস্পতিবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ কৰুণ মৃত্যু হয়।
উল্লেখযোগ্য যে আজি বিয়লি প্ৰায় ৩ মান বজাত টিহু নগৰৰ ৪নং ৱাৰ্ডৰ তৰুণ চন্দ্ৰ দত্ত(৫৫)ই তেওঁৰ নিজা মটৰচাইকেলেৰে ভগ্নী নিৰুপমা বৰুৱাৰ সৈতে টিহু নগৰৰ পৰা ক্ষুদ্ৰ মাখিবাহাৰ ক্ষেত্ৰাপাৰাৰ নিজ গৃহলৈ আহি থকা অৱস্থাতে একে দিশেৰে গৈ থকা এ এম এন ৩৬৮৮ নম্বৰ এখন তীব্ৰবেগী ট্ৰাকে খুন্দা মাৰে।
ফলত বাইক আৰোহী তৰুণ চন্দ্ৰ দত্ত আৰু নিৰুপমা বৰুৱা মটৰচাইকেলৰ পৰা ছিটিকি পৰে।
ইফালে ট্ৰাকৰ চকা নিৰুপমাৰ শৰীৰৰ ওপৰেৰে পাৰ হৈ যোৱাত নিৰুপমা বৰুৱা ঘটনাস্থলীতে নিহত হয় আৰু তৰুণ চন্দ্ৰ দত্ত গুৰুতৰভাৱে আহত হয়।
বৰপেটা :
আনহাতে একেদৰে বৰপেটা জিলাতো দক্ষিণ প্ৰান্তৰ বাঘবৰ সমষ্টিৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত কালাইৰদিয়াত সংঘটিত এক পথ দুৰ্ঘটনাত এজন ব্যক্তি থিতাতে নিহত হয়।
উল্লেখযোগ্য যে বাঘমাৰা, আলোপতি-মাজৰচৰ সংযোগী পথৰে আহি থকা এখন ট্ৰেক্টৰে বাঘমাৰা চৰ নিবাসী হানিফ আলী(৬১) নামৰ বৃদ্ধ গৰাকীক খুন্দিওৱাৰ ফলত আলীৰ থিতাতেই মৃত্যু হয়।
ইফালে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা ট্ৰেক্টৰখনৰ চালকজন পলায়ন কৰে।