• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্বৰ ভিত্তিবৰ্ষ : সীমা অতিক্ৰম নকৰিবলৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি অসম সন্মিলিত মহাসংঘক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2018 11:18 am
SanmilitMahasangha
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ক্ষেত্ৰতো নাগৰিকত্ব নিৰ্ধাৰণৰ ভিত্তিবৰ্ষ দেশৰ বাকী অংশৰ সৈতে একেই, অৰ্থাৎ ১৯৫১ চন ধাৰ্য্য কৰিবলৈ অসম সন্মিলিত মহাসংঘ, সদৌ অসম আহোম সভা, ‘চহিদ আৰু নিৰ্যাতিত পৰিয়াল’-এ দেশৰ উচ্চতম ন্যায়ালয়ত তৰা গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে উক্ত পক্ষকেইটাক সীমা অতিক্ৰম নকৰিবলৈ ৮ মে’ত সকীয়নি দিয়ে।

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ তদাৰক কৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ নাৰিমানৰ দুজনীয়া বিচাৰপীঠে প্ৰক্ৰিয়াটোৰ অগ্ৰগতিৰ নিয়মীয়া শুনানিৰ সময়ত পক্ষকেইটাক এই সকীয়নি দিয়ে। ৮ মে’ৰ শুনানিৰ সময়ত অসম সন্মিলিত মহাসংঘই নাগৰিকত্বৰ ভিত্তি বৰ্ষ সন্দৰ্ভত সাংবিধানিক বিচাৰপীঠে চূড়ান্ত ৰায় নিদিয়ালৈকে নাগৰিপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ বন্ধ ৰাখিবলৈ আবেদন জনাইছিল। কিন্তু এই আবেদন লগে লগে খাৰিজ কৰাই নহয়, আবেদনকাৰীক সীমা অতিক্ৰম নকৰিবলৈ সকীয়াই দিয়ে ন্যায়াধীশ ৰঞ্জন গগৈয়ে। ন্যায়াধীশজনে তেওঁলোকক যিখন বিচাৰপীঠত এই গোচৰ চলি আছে তালৈ যাবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে অসম সন্মিলিত মহাসংঘ, সদৌ অসম আহোম সভা, ‘চহিদ আৰু নিৰ্যাতিত পৰিয়াল’-এ দিয়া ভিত্তি বৰ্ষৰ গোচৰটো এখন সংবিধানিক বিচাৰপীঠত চলি আছে।

Apply Now

আনহাতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ নৰিমানৰ বিচাৰপীঠখনৰ এই স্থিতিক সন্মিলিত মহাসংঘই দুৰ্ভাগ্যজনক আখ্যা দিছে।

উল্লেখযোগ্য যে  ৮ মে’ৰ নিয়মীয়া শুনানিৰ সময়ত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই সৰ্বোচ্চ ন্যায়ালয়খনত দুটা বিষয়ত সিদ্ধান্ত বিচাৰি অনুৰোধ জনাইছিল।

প্ৰথমটো বিষয় আছিল এন আৰ চিৰ পৰা নাম বাদ পৰা ব্যক্তিৰ তথ্য ৰাজহুৱা নথিত উপলব্ধ নকৰিবৰ বাবে অনুমতি, যাতে কোনো লোকৰ গোপনীয়তা ভংগ নহয়। ইয়াৰ বাবে হাজেলাই এটা পদ্ধতি তৈয়াৰৰ বাবে অনুমতি বিচাৰে য’ত নাম কৰ্তন হোৱা ব্যক্তিক নাম কৰ্তনৰ কাৰণ সম্পৰ্কে ব্যক্তিগতভাৱে অৱগত কৰা হ’ব বুলি কয়। আনহাতে দ্বিতীয়টো অনুৰোধ আছিল- নথি-পত্ৰ পৰীক্ষণৰ কাম বাকী থকা লোকসকলৰ নথি-পত্ৰ প্ৰত্যয়নৰ বাবে এন আৰ চিৰ মানুহ ঘৰে ঘৰে যোৱাৰ পৰিৱৰ্তে এনে নথি পৰীক্ষণ বাকী থকা আবেদনকাৰীক এন আৰ চি সেৱাকেন্দ্ৰলৈ মাতি আনি এই প্ৰত্যয়নৰ কাম কৰাৰ বাবে এন আৰ চি কৰ্তৃপক্ষক অনুমতি। বিশেষকৈ ৰাজ্যৰ বাহিৰৰ নথি-পত্ৰ জমা দিয়া যিসকল লোকৰ নথি-পত্ৰ প্ৰত্যয়নৰ কাম বাকী আছে তেনে লোকসকলৰ নথি পৰীক্ষণত এই ব্যৱস্থাটোৱে সহায় কৰিব তথা প্ৰক্ৰিয়াটো খৰতকীয়া কৰিব বুলি হাজেলাই যুক্তি দাঙি ধৰে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ নাৰিমানৰ দুজনীয়া বিচাৰপীঠে এই দুয়োটা বিষয়তে অনুমতি প্ৰদান কৰে।

এন আৰ চি প্ৰক্ৰিয়াটো তদাৰক কৰা উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে লগতে এই প্ৰক্ৰিয়াটোৰ অগ্ৰগতিত সন্তোষ প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। সকলো ঠিকেই থাকিলে, সময়মতেই, অৰ্থাৎ অহা ৩০ জুনৰ ভিতৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ খচৰা প্ৰকাশ পাব বুলি সূত্ৰটোৱে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd