অসমৰ ‘সৰহভাগ বাংলাভাষী হিন্দুৱে লোকপিয়লত নিজভাষা বাংলা বুলি ক’বই, অসমীয়া বুলি মৰি গ’লেও নকয়। ফলত বাংলাভাষী স্বত:স্ফূৰ্তভাৱে সংখ্যাগৰিষ্ঠ হৈ পৰিব আৰু অসমীয়া ভাষা সংখ্যালঘিষ্ঠ হৈ পৰিব’ নাগৰিকত্ব বিধেয়ক ( Citizenship Amendment Bill )ক লৈ এই শংকা অসম সাহিত্য সভাৰ সভাপতি ড: পৰমানন্দ ৰাজবংশীৰ।
অসম সাহিত্য সভাই গুৱাহাটীৰ জিলা পুথিভঁৰালত নাগৰিকত্ব সংশোধন বিধেয়কক লৈ আয়োজন কৰা জাতীয় অভিৱৰ্তনত ৰাজ্যৰ প্ৰায় ৬শ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত আজি ২৭ মে’ত এই আশংকা প্ৰকাশ কৰে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে।
‘চূড়ান্ত নাগৰিকপঞ্জী প্ৰণয়ন হ’লেও অসমখন বিদেশীমুক্ত হ’ব অথবা সাংবিধানিক ৰক্ষাকৱচ পাব বুলি আমি শংকামুক্ত হ’ব নোৱাৰো। আমাৰ বাবে ৰৈ আছে আন এক শংকা, যি শংকা ভাষাগত অসমীয়া লোকসকল সংখ্যলঘু হৈ পৰিব নেকি ২০২১ চনৰ লোকপিয়লত?’, তেওঁ কয়।
তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা অসমৰ অসমীয়াভাষী আৰু বাংলাভাষী লোকৰ মাজত এক অহেতুক বিদ্বেষৰ বীজ ৰোপন কৰাৰ প্ৰয়াস কৰা বুলি মন্তব্য কৰে।
অসম সাহিত্য সভাই এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ বাবে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে বুলি কোৱাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰি অসম চুক্তিৰ ভিত্তিত ১৯৭১ৰ ২৫ মাৰ্চৰ পাছৰ সকলো বিদেশীক বহিষ্কাৰৰ দাবী জনায় বুলি সভাপতিৰ অভিভাষনত ড: পৰমানন্দ ৰাজবংশীয়ে প্ৰকাশ কৰে।
ইয়াৰ উপৰিও অভিভাৱকে ল’ৰা-ছোৱালীক ইংৰাজী মাধ্যমতহে পঢ়াব বিচৰা কথা আৰু নতুন প্ৰজন্মৰ সৰহ সংখ্যকে অসমীয়া ভাষা লিখিব বা পঢ়িব নজনা কথাটো উত্থাপন কৰি ৰাজবংশীয়ে চৰকাৰী ভাষানীতি প্ৰয়োগৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ আওকনীয়া মনোভাৱৰ কথা প্ৰকাশ কৰে।
অভিৱৰ্তনত ভাষন প্ৰদান কৰি বিশিষ্ট চিন্তাবিদ ড: হীৰেন গোহাঁইয়ে কয়, ‘চৰকাৰৰ উদ্দেশ্য ভাৰতত এখন হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। বিধেয়কখনৰ প্ৰস্তাৱনাতে স্পষ্টকৈ লিখা আছে আফগানিস্তান, পাকিস্তান, বাংলাদেশ ইত্যাদি দেশৰ পৰা অহা হিন্দু, বৌদ্ধ, খ্ৰীষ্টান ইত্যাদি সংখ্যালঘুলোকে যাতে ভাৰতৰ নাগৰিকত্ব পায় তাৰ বাবে কিছুমান কাম কৰিব কোৱা হৈছে আৰু সেইটোক নায্যতা দিবলৈ এই বিধেয়ক অনা হৈছে। আফগানিস্তানত কিমানজন হিন্দু আছে? পাকিস্তানৰ বেছিখিনি ইতিমধ্যই আহিলেই আৰু হয়তো অলপ হিন্দু আছে। গতিকে আহিব লাগিলে বাংলাদেশৰ পৰাই আহিব’। তেওঁ লগতে বাংলাদেশৰ পৰা হিন্দু বিদেশী আহিলে অসম সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব বুলি মত প্ৰকাশ কৰে।
ড: গোহাঁইয়ে লগতে এইক্ষেত্ৰত বঙালী লোকসকল আমাৰ শত্ৰু নহয়, চৰকাৰখন হে শত্ৰু বুলি মন্তব্য কৰে। ইয়াৰ উপৰিও অসমৰ ৰাইজক বিভ্ৰান্ত নহ’বলৈ আহ্বান জনায়।
আনহাতে অভিৱৰ্তনত ভাগ লোৱা আছুৰ সম্পাদক লুৰীনজ্যোতি গগৈয়ে নাগৰিকত্ব বিধেয়কৰ সম্পূৰ্ণ বিৰোধিতা কৰি কয় যে অসম চুক্তিৰ আধাৰত বিদেশী বহিষ্কাৰ হ’বই লাগিব। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা এই বিধেয়কে অসমৰ জনগাঁথনি বিনষ্ট কৰি পেলাব আৰু ছাত্ৰ সন্থাই ইয়াক হ’বলৈ নিদিয়ে।
দেওবাৰৰ এই জাতীয় অভিৱৰ্তনত সদৌ অসম ছাত্ৰ সন্থা, অসম গণ পৰিষদৰ উপৰি অসম সাহিত্য সভাৰ বৰাক উপত্যকাৰ শাখাসমূহেও ভাগ লয়।