নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক, জ্যেষ্ঠ নাগৰিক, গায়ক, অভিনেতা-অভিনেত্ৰীয়ে৷ সকলোৱে সৰৱ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসমত হিন্দু বাংলাদেশ সংস্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ এই প্ৰতিবাদৰ সৈতে সংগতি ৰাখি বিধেয়কখনৰ বিৰোধিতা কৰি গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰিছে দুলীয়াজান ব্ল’ক কংগ্ৰেছ কমিতিয়ে৷
আজি পুৱাৰ পৰা দুলীয়াজান ব্ল’ক কংগ্ৰেছ কমিতিৰ নেতৃত্বত নাগৰিকত্ব সংশোধনা বিধেয়কখনৰ বিৰোধিতা কৰি এক গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰা হয়৷ অসমত অসমীয়াৰ অধিকাৰ থাকিব লাগিব, শৰীৰত শেষ বিন্দু তেজ থকালৈকে বাংলাদেশীক স্বীকাৰ নকৰো আদি শ্ল’গান দি দুলীয়াজান ব্লক কংগ্ৰেছ কমিটিৰ শতাধিক কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই গণ স্বাক্ষৰ অভিযানত সহযোগ আগবঢ়ায় টেঙাখাত কংগ্ৰেছ কমিটিয়েও৷
আনহাতে আগন্তক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত অসমৰ ৰাইজ একত্ৰিত হৈ বিজেপিক গাদীচ্যুত কৰিব বুলিও মন্তব্য কৰে টেঙাখাত কংগ্ৰেছ কমিটিৰ সভাপতি সুশান্ত শইকীয়াই৷ সেয়েহে বিজেপিৰ চক্ৰান্তমূলক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমবাসীক মাৰবান্ধি ওলাই আহিবলৈ আহ্বান জনায় সভাপতিগৰাকীয়ে৷