আজি নিখিল ভাৰত পথ পৰিবহণ কৰ্মী সংঘই (AIRTWF) আহ্বান জনোৱা ২৪ ঘণ্টীয়া চকা বন্ধৰ ফলত সমগ্ৰ দেশৰ লগতে অসমতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হোৱা পৰিলক্ষিত হৈছে।
সদৌ ভাৰত পথ পৰিবহণ কৰ্মী সংঘৰ এই বন্ধত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো পুৱাৰে পৰা বন্ধ হৈ পৰিছে সকলোধৰণৰ যাত্ৰীবাহী যান-বাহনৰ চলাচল।
যান-বাহন আইন সংশোধনৰ বিৰোধিতাৰ লগতে ১০ টা দাবীৰ সমৰ্থনত আজিৰ এই ২৪ ঘণ্টীয়া চকাবন্ধৰ আহ্বান জনাইছে মটৰ শ্ৰমিক য়ুনিয়নৰ সমন্বয়ৰক্ষী সমিতিয়ে। চকা বন্ধৰ ফলত গুৱাহাটীত বন্ধ হৈ পৰিছে বাছ, ট্ৰেভেলাৰ, শ্বেয়াৰ টেক্সিৰ চলাচল।
জানিব পৰা মতে পেট্ৰ’ল আৰু ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধি, RTO বন্ধ, মটৰ পৰিবহন আইন বিল, পৰিবহন উদ্যোগৰ বেচৰকাৰীকৰণৰ বিৰুদ্ধে পৰিবহন কৰ্মীৰ সামাজিক দাবী আৰু পৰিবহন কৰ্মীৰ ন্যূনতম বেতন ৮ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ দাবীত আজিৰ এই ধৰ্মঘট কাৰ্যসূচীৰ আহ্বান জনাইছে।
উল্লেখ্য যে এই সন্দৰ্ভত বন্ধৰ সমৰ্থকসকলে কয় যে চৰকাৰে হাজাৰ বাধা প্ৰদান কৰিলেও এই পৰিবহন ধৰ্মঘট পালন কৰা হ’বই। ইয়াৰ ফলত সমগ্ৰ দেশৰ জনসাধাৰণ প্ৰভাৱিত হ’ব।