• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ দৰমহা বঢ়াই ল’লে মন্ত্ৰী-বিধায়কে : ৪৩ মাহৰ দৰমহা নাপাই দৰিদ্ৰতাৰ হেঁচাত আত্মহত্যা পঞ্চায়ত প্ৰতিনিধিৰ

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
April 14, 2018 4:26 pm
KiranBasumatary
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰঙালী বিহুৰ মাত্ৰ এদিন পূৰ্বে ঘৰখনৰ মূল মানুহজনেই আত্মহত্যা কৰিছে, তেওঁৰ চাৰিটি সন্তান আৰু পত্নীক অথাই সাগৰত পেলাই থৈ। এটা পৰিয়ালৰ বাবে ইয়াতকৈ কিবা দুৰ্ভাগ্য আৰু মৰ্মান্তিক কথা থাকিব পাৰে নে? চৰম দাৰিদ্ৰ্যই হতাশাৰ অতল গভীৰলৈ ঠেলি দিয়াত আত্মহত্যাৰ পথ বাছি লোৱা এই সৎ, সৰলমতীয়া এই ব্যক্তিজন হ’ল মৰিগাওঁ জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত কাঠনি গাওঁ পঞ্চায়তৰ সভাপতি কিৰণ বসুমতাৰী। বসুমতাৰীয়ে ১২ এপ্ৰিলৰ নিশা গাধোৱা ঘৰত সোমাই বিষপাণ কৰি আত্মহত্যা কৰে। সংকটজনক অৱস্থাত বসুমতাৰীক প্ৰথমে মৰিগাওঁ অসামৰিক চিকিৎসালয়লৈ আৰু তাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ নিয়া হৈছিল যদিও নাবাচিল।

জানিব পৰামতে বসুমতাৰীয়ে আনবোৰ পঞ্চায়ত প্ৰতিনিধিৰ দৰেই যোৱা ৪৩ মাহে দৰমহা পোৱা নাছিল। তেওঁ চাৰিটা সন্তানৰ সৈতে মথাউৰিত বাস কৰে। নিজৰ ঘৰ কাহানিবাৰ পৰাই নাছিল। গৰাখহনীয়াত ৪ বাৰকৈ তেওঁ ভেটি হেৰুৱাইছিল। ভেটি হেৰুওৱা বাবে তেওঁ চাৰিটা সন্তান, পত্নীৰ সৈতে বহু দিনৰ পৰাই মথাউৰিতে বাস কৰিছিল। নিজে পঞ্চায়তৰ সভাপতি যদিও অত্যন্ত সৎ কিৰণ বসুমতাৰীয়ে নিজৰ ভেটিৰ মাটি টুকুৰাও যোগাৰ কৰিব পৰা নাছিল। কাৰণ পঞ্চায়তৰ সভাপতি হিচাপে তেওঁ পায় মাত্ৰ ৫ হাজাৰমান টকাৰ পাৰিতোষিক।

Apply Now

কিন্তু সেইকেইটা টকাও আজি বিগত ৪৩ মাহ ধৰি পোৱা নাছিল। ফলত তীব্ৰ আৰ্থিক সংকটত তেওঁ মানসিকভাৱে ভাগি পৰিছিল। অৱশেষত ৰঙালী বিহুৰ সময়ত নিজৰ সন্তান আৰু পত্নীৰ আগত মুখ উলিয়াবলৈ নিবিচাৰিলে কিৰণ বসুমতাৰীয়ে। এই ৰূঢ় বাস্তৱক তেওঁ চিৰবিদায় দিলে, লগতে বিদায় জনালে সকলো দায়-দায়িত্বক। নিঠৰুৱা হ’ল এটা শতদাৰিদ্ৰ্য পীড়িত পৰিয়াল।

কিৰণ বসুমতাৰীৰ আত্মহত্যাই জোকাৰি গৈছে স্থানীয় অঞ্চলটোক। কিন্তু ৰাইজে প্ৰশ্ন কৰিছে- কিৰণ বসুমতাৰীৰ আত্মহত্যাই জোকাৰিব পাৰিব নে চৰকাৰৰ অন্তৰ? জোকাৰিব পাৰিব নে নিজৰ দৰমহা ৫০ শতাংশ বঢ়াই লোৱা মন্ত্ৰী-বিধায়কসকলৰ? নিজৰ দৰমহা বঢ়াই লওঁতে সামান্য পৰিমাণৰ পাৰিতোষিক পোৱা পঞ্চায়তৰ প্ৰতিনিধিসকলৰ কথা মনত নপৰিল কিয় এইসকল জনপ্ৰতিনিধিৰ?

মন কৰিব লগীয়া কথাটো হ’ল কিৰণ বসুমতাৰী অত্যন্ত সৎ জন প্ৰতিনিধি হিচাপে অঞ্চলটোত জনাজাত আছিল। তেওঁ বিভিন্ন সামাজিক কামতো আগ ৰণুৱা আছিল। তেওঁ কাৰো পৰা এপইচাও লোৱাৰ কথা ভাবিব নোৱাৰিছিল। অত্যন্ত অভাৱত দিন পাৰ কৰিলেও চৰকাৰী ধনৰ সামান্য অংশ এটাও তেওঁ চান নাকাঢ়িছিল। যি সময়ত ৰাজ্যৰ বিয়াগোম বিয়াগোম নেতা-পালিনেতা, বিষয়াই চৰকাৰী ধনৰ সিংহভাগ কুক্ষিগত কৰি বিলাসী জীৱন কটাইছে, সেই সময়ত কিৰণ বসুমতাৰীৰ দৰে এজন সৎ জন প্ৰতিনিধিয়ে নিজৰ প্ৰাপ্যখিনিও নাপাই আত্মহত্যা কৰিব লগীয়া হোৱাটো দুৰ্ভাগ্যজনক।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd