নিজ পিতৃক হত্যা কৰাৰ অভিযোগত যোৰহাট আৰক্ষীয়ে কালি নিশা জিলাখনৰ চিনামৰা আৰক্ষী চকীৰ অন্তৰ্গত কৰঙা জনিয়া গাঁৱৰ বাসিন্দা অভিজিত গগৈ (২২) নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে অভিযুক্ত অভিজিত গগৈয়ে তেওঁৰ পিতৃ মুনিন গগৈ (৪৮)ক বেয়াকৈ প্ৰহাৰ কৰি হত্যা কৰিছিল।
আৰক্ষীয়ে জনোৱা মতে গাঁওখনৰ এটা মহিলাৰ দলে দাখিল কৰা গোচৰৰ ভিত্তিত অভিজিতক গ্ৰেপ্তাৰ কৰা হয়। যোৱা ৩ আগষ্টত অভিজিত গগৈয়ে কিবা কথাত পৰিয়ালৰ আন লোকসকলৰ উপস্থিতিত নিজৰ দেউতাকক বেয়াকৈ প্ৰহাৰ কৰিছিল বুলি মহিলাৰ দলটোৱে জানিবলৈ দিয়ে।
পিছত গুৰুতৰভাৱে আহত মুনিন গগৈক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁৰ অৱস্থা সংকটজনক হৈ পৰাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু অৱশেষত দেওবাৰে তেওঁ মৃত্যুক সাবটি হয়।
বৰ্তমান ঘটনা সম্পৰ্কত তদন্ত চলাই থকা হৈছে বুলি উল্লেখ কৰি আৰক্ষীয়ে কয় যে নিহত লোকগৰাকীৰ পৰিয়ালৰ আন সদস্য সকলক জেৰা চলোৱা হ’ব আৰু সেই অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।