দীৰ্ঘদিন ধৰি হোমিঅ’প্যেথিক চিকিৎসক সকলক নিযুক্তিৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ তুলি দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম হোমিঅ’প্যেথিক ছাত্ৰ সন্থাই দিচপুৰ লাষ্টগেটত এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে।
সদৌ অসম হোমিঅ’প্যেথিক চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ অসম হোমিঅ’প্যেথিক কনিষ্ঠ চিকিৎসক সন্থা তথা সদৌ অসম হোমিঅ’প্যেথিক চিকিৎসক সন্থাৰ সহযোগত উক্ত ধৰ্ণা কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়।
প্ৰতিবাদত অংশগ্ৰহণ কৰা নগাওঁ হোমিঅ’প্যেথিক চিকিৎসা মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক আমিৰ চুহেইল আলমে কয়, ‘আন্দোলন নকৰাকৈ আমি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা একো সুবিধা আদায় কৰিব পৰা নাই। আমাৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অসম চৰকাৰৰ অধীনত ১৯৯৭ চনৰ পৰা কোনোধৰণৰ নিযুক্তি পোৱা নাই।’
তদুপৰি তেওঁ স্পষ্ট ভাষাৰে উল্লেখ কৰে যে এই আন্দোলন কাৰ্য্যসূচীৰ পিছতো স্বাস্থ্য বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী পৰ্য্যায়ত জংগী আন্দোলন গ্ৰহণ কৰা হ’ব।
আনহাতে হোমিঅ’প্যেথিক চিকিৎসাৰ বিপৰীতে আযুৰ্বেদিক চিকিৎসা পদ্ধতিকহে চৰকাৰে বেছি গুৰুত্ব দিছে বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ তোলে।
এই সন্দৰ্ভত মহিদুৰ ইছলাম নামৰ এগৰাকী প্ৰতিবাদকাৰী কয়, ”আয়ুস’ৰ অধীনত থকা স্বত্বেও আয়ুৰ্বেদিক চিকিৎসা ব্যৱস্থাক গুৰুত্ব দিয়াৰ বিপৰীতে হোমিঅ’প্যেথিকক গুৰুত্ব প্ৰদান কৰা নাই। গতিকে আমি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনতিপলমে হোমিঅ’প্যেথিককো সম গুৰুত্ব প্ৰদান কৰি নিযুক্তি দিবৰ বাবে আহ্বান জনাইছো।’
ইয়াৰোপৰি, প্ৰত্যেক বছৰে প্ৰায় ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হোমিঅ’প্যেথিক মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ নিজৰ ৰাজ্যত চাকৰি নাপাই মেঘালয় তথা অন্যান্য ৰাজ্যত চাকৰি কৰিবলগীয়া হৈছে বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ তোলে।
লক্ষণীয় যে প্ৰতিবাদকাৰীসকলে অসমৰ যোৰহাট, নগাওঁ তথা গুৱাহাটীত থকা হোমিঅ’প্যেথিক মেডিকেল কলেজৰ আন্তঃগাথনিৰ অবস্থা প্ৰাথমিক বিদ্যালয় সমূহতকৈ বেয়া বুলি উল্লেখ কৰি অনতিপলমে উক্ত কলেজসমূহৰ আন্তঃগাঁথনি উন্নত কৰিবৰ বাবে সংশ্লিষ্ট কতৃপক্ষই দাবী জনায়।