• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

নিৰ্বাচনৰ আগৰ পৰিৱৰ্তনৰ শ্ল’গান : ৰাইজে কি দেখিলে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 9, 2018 9:43 am
assam cm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অসমীয়া মানুহ অসমৰ বুকুতে নিৰাপদ নহয়। আমাৰ কৃষ্টি-সংস্কৃতি-ভাষা অসুৰক্ষিত। আনকি বাংলাদেশীৰ মাত্ৰা বৃদ্ধি পাই আছে, কংগ্ৰেছে দিনক দিনে বাংলাদেশী আনি আছে আৰু অবৈধভাৱে সংস্থাপিত কৰিছে।” -এই মন্তব্য বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নহয়। এই মন্তব্য নিৰ্বাচনৰ পূৰ্বৰ সৰ্বানন্দৰ।

সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনৰ পূৰ্বে দিয়া জাতি-মাটি-ভেটিৰ সংজ্ঞা হঠাৎ সলনি হ’ল। জাতি বঞ্চিত, মাটি লাঞ্ছিত আৰু ভেটি লুণ্ঠিত হোৱাৰ পথৰে যেন ইংগিত বহন কৰিছে সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ আমূল পৰিৱেৰ্তনে।

Apply Now

“কংগ্ৰেছৰ শাসন কালত বাংলাদেশীৰ মাত্ৰা বৃদ্ধি হৈ গৈছে, কংগ্ৰেছে দিনে-নিশাই বাংলাদেশী আনিয়েই আছে। গতিকে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমি অসমীয়া ভূমিপুত্ৰ হিচাপে এখন বাংলাদেশীমুক্ত বিদেশী মুক্ত অসম নিৰ্মাণ কৰাটোৱেই আমাৰ প্ৰধান দায়িত্ব।” -এয়া আছিল জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰৰ এক অংশ। কিন্তু প্ৰশ্নটো এইখিনিতেই উত্থাপন হয়- ক’ৰ পৰা আহিল নাগৰিকত্ব সংশোধনী বিধেয়ক? কাৰ অধিকাৰ আছে সংবিধানৰ প্ৰস্তাৱনাত থকা ‘ধৰ্ম নিৰপেক্ষতা’ শব্দটো মচি পেলাবলৈ? নাগৰিকত্ব সংশোধনী বিধেয়কখনে দেশৰ সংবিধানৰ মূল নীতিটোতে আঘাত কৰাটো ইংগিত কৰা নাইনে?

ভাষণৰ মাজত বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম নিমিত্তে সকলোতে শান্তিময় পৰিস্থিতিয়ে বিৰাজ কৰাৰ সময়তে সকলোতে ধৰ্ণা-আন্দোলন, হত্যা-লুণ্ঠন. ধৰ্ষিতাৰ কান্দোনৰ চিত্ৰ এখনহে দেখি আহিছে অসমৰ ৰাইজে।

নিৰ্বাচনৰ পূৰ্বে সন্ত্ৰাসবাদমুক্ত অসম গঢ়ি তোলাৰ সপোনৰ বিপৰীতে পিছৰ সন্ত্ৰাসবাদ জৰ্জৰিত ৰাজ্যৰ পৰিৱেশ। আগদিনা আলফাৰ গুলীত নিহত হৈছিল ভাস্কৰ কলিতা, তাৰ পিছৰদিনা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্য মন্ত্ৰীৰ ভাষণৰ ফুলজাৰি, ‘আমি দিয়া প্ৰতিশ্ৰুতি মৰ্মে সন্ত্ৰাসবাদমুক্ত অসম গঢ়ি তুলিবলৈ সক্ষম হৈছো।‘

নিৰ্বাচনৰ পিছত কোনো লোক চহিদ হ’লে অথবা অনাকাংক্ষিত কাৰণত মৃত্যুক সাৱটি ল’লে গভীৰ শোক প্ৰকাশ কৰা আৰু মৃতকৰ পৰিয়াললৈ সাহায্য প্ৰদানতে ক্ষান্ত থকা সৰ্বানন্দ সোণোৱালে এনেধৰণে সাহায্য প্ৰদান অথবা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে সন্ত্ৰাসবাদমুক্ত অসম গঠন কৰিব পাৰিবনে? নে আপুনি কোনো আৰক্ষী বিষয়া চহিদ হ’লেই সন্ত্ৰাসবাদ কঠোৰ হাতেৰে দমন কৰা হ’ব বুলি ক’লে সন্ত্ৰাসবাদীয়ে আপোনাৰ কণ্ঠস্বৰত কম্পমান হৈ হত্যাযজ্ঞ বন্ধ কৰি শান্তি আলোচনালৈ ঘূৰি আহিব?

বিজয় বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছিল, “আমি নিৰ্বাচনৰ পূৰ্বে কৈছিলো, অসমৰ উন্নয়নৰ বাবে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকৰ নিৰাপত্তাৰ স্বাৰ্থত আমাক এইবাৰ সহায় কৰক। আমাৰ কথা ৰাইজে মানি ল’লে বাবেই এনেধৰণৰ ঐতিহাসিক পৰিৱৰ্তন হ’ল। আমি অসমৰ ৰাইজৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ অসমখন বিদেশীমুক্ত কৰিব লাগিব, দুৰ্নীতিমুক্ত কৰিব লাগিব আৰু প্ৰদূষণ মুক্ত কৰিব লাগিব। অসমৰ সম্পদৰ ভিত্তি কৰি অসমখনক ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ ভিতৰত জাকত-জিলিকা কৰি তুলিব লাগিব। বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাইজে বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থৰ ক্ষেত্ৰত একেলগে যুঁজ দি যাম। অসমৰ প্ৰতিগৰাকী লোকে যাতে সামাজিক নিৰাপত্তা সঠিকভাৱে পাব পাৰে, তাৰ বাবে আপোনালোকৰ আশীৰ্বাদ লৈ আমাৰ চৰকাৰে কাম কৰি যাব।”

উপৰোক্ত কথাখিনি এইবাবেই উল্লেখ কৰিলো যাতে নতুন চৰকাৰে কি কি পৰিৱৰ্তন কৰিলে সেই বিষয়ত অসমবাসী ৰাইজ অৱগত হওক। মুখ্য মন্ত্ৰীৰ বক্তব্যত স্থান পোৱা ঐতিহাসিক পৰিৱৰ্তন সঁচাকৈয়ে হ’বলৈ গৈ আছে নেকি? অসমৰ অসমীয়া ভাষাটো নিঃশেষ কৰিব বিচৰাটোৱেই আপোনাৰ ঐতিহাসিক পৰিৱৰ্তন নেকি? আৰ এছ এছৰ হিন্দুত্ববাদৰ পাঠ পঢ়ি আপুনি কেনেকৈ ক’ব পৰা হ’ল সকলো জাতি-ধৰ্ম ভাষা নিৰ্বিশেষে আমাক এইবাৰ সহায় কৰক। আৰ এছ এছত জানো হিন্দুত্বৰ পাঠেই শিকোৱা নহয়? এটা কথা ঠিক কিন্তু- কংগ্ৰেছৰ দিনত দুৰ্নীতিৰ পাহাৰ গঢ়াসকলক গ্ৰেপ্তাৰ কৰি জেইল-হাজোতলৈ প্ৰেৰণ কৰাত আপোনাৰ গৃহ বিভাগৰ তৎপৰতা লেখত ল’ব লগীয়া।

আপোনাৰ ভাষণত ঠাই পোৱা বিদেশীমুক্ত অসম গঢ়ি তোলা কথাষাৰ গোকাট মিছা যেন অনুভৱ হ’ল। জাতীয় নায়ক হিচাপে ব্যক্তিগত হিচাপে আপুনিও নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিব পাৰিলেহেঁতেন। কিন্তু দুৰ্ভাগ্যৰ কথা কংগ্ৰেছৰ দিনত যেনেকৈ হাইকামাণ্ডৰ হাতত ৰাজ্য চৰকাৰৰ চাবিপাট থাকে, ঠিক তেনেকৈ আপোনাৰ চৰকাৰৰ চাবিপাটো নিশ্চয় অমৃত শ্বাহ নাইবা মোহন ভগৱতৰ হাতত আছে। ফলত আপুনি নিশ্চয় মনে বিচাৰিলেও আপুনি ভবা মতে একোকে কৰিব নোৱাৰে। আপোনাৰ অন্যতম গুণ হ’ল- অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে আপুনি সুন্দৰভাৱে সজাই-পৰাই উদাত্ত কণ্ঠেৰে ভাষণ দিব পাৰে।

শেষত আপোনাৰ ভাষণৰ আঁত ধৰিয়েই এষাৰ কথা কওঁ:- আপোনাৰ আহ্বান শুনিলে ৰাইজে। আপুনি কোৱাৰ দৰে অসমীয়া ৰাইজে ৭ মে’ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবৰ বাবে হিল-দ’ল ভাঙি খানাপাৰা প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়লৈ ওলাই আহিল। আপোনাৰ ভাষণত স্থান পোৱা অস্তিত্ব ৰক্ষাৰ বাবে সকলোৱে যুঁজ দিব লাগিব বুলি কোৱা কথাষাৰ বাৰুকৈয়ে অসমৰ ৰাইজে বুজি পালে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd