মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি উচ্চতম ন্যায়ালয়ৰ জ্যোষ্ঠ ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যয়াধীশ শাৰদ অৰৱিন্দ ববড়ে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং প্ৰমুখ্যে আন বহু আইনজ্ঞৰ উপস্থিতিত গুৱাহাটীৰ আমিনগাঁওস্থিত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক অকাডেমীৰ চৌহদত নৱনিৰ্মিত ন্যায়িক অকাডেমীৰ শৈক্ষিক ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
সময়ৰ গতিত ন্যায় ব্যৱস্থাত সংযোজিত হোৱা নতুন নীতি আৰু আইনসমূহৰ ক্ষেত্ৰত এই অকাডেমীয়ে অধিক তাৎপৰ্য বহন কৰিছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে প্ৰায় ২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই শৈক্ষিক ভৱনে ন্যায়িক বিষয়াসকলক গুণগত আইন শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হ’ব।
ন্যায়িক ব্যৱস্থাটোৰ আন্তঃগাঁঠনিৰ সৱলীকৰণত দিশত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে সমগ্ৰ ব্যৱস্থাটোত এক আমূল পৰিৱৰ্তন আনিছে বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰি ৰাজ্যখনত বৰ্তমান ৩০০ কোটি টকাৰ বিভিন্ন প্ৰকল্প ৰূপায়িত হৈ আছে বুলি কয়।
মুখ্য মন্ত্ৰীয়ে ন্যায়ালয় সমূহত নিষ্পত্তি নোহোৱাকৈ থকা বৃহৎ সংখ্যক গোচৰৰ প্ৰসংগ দাঙি ধৰি কয় যে দেশৰ ন্যায় ব্যৱস্থাৰ সন্মুখত এয়া এক ডাঙৰ প্ৰত্যাহ্বান আৰু গোচৰ সমূহ নিষ্পত্তিৰ কৰাৰ বাবে ন্যায়ালয় সমূহে অভিযান আকাৰে কাম কৰিব লাগিব বুলি কয়। তাৰোপৰি তেওঁ ব্যৱসায়িক ক’ৰ্ট সমূহৰ গোচৰসমূহৰ দ্ৰুত গতিত নিষ্পত্তি কৰা ওপৰত গুৰুত্ব আৰোপ কৰি এনে পদক্ষেপে বিশ্ব বিনিয়োগ সন্মিলনৰ জৰিয়তে চৰকাৰে ৰাজ্যখনত যি বিনিয়োগমুখী পৰিৱেশ গঢ় দি তুলিছে তাক অধিক গতিশীলতা প্ৰদান কৰিব।
উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ ৰঞ্জন গগৈয়ে ভাষণ প্ৰসংগত ন্যায়িক বিষয়া সকলৰ যোগ্যতা আৰু কৰ্মদক্ষতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰশিক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। লগতে ১৯৮১ চনৰ পৰা ধাৰবাহিকভাৱে বিগত সময়ছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ ন্যায়িক বিষয়াসকলক সুযোগ্য কৰি তোলাৰ ক্ষেত্ৰত নৰ্থ ইষ্ট জুডিচিয়েল অফিচাৰ্ছ ট্ৰেইনিং ইনষ্টিটিউটে লৈ অহা ভূমিকাৰ কথাও স্বীকাৰ কৰে।
ন্যায়াধীশ গগৈয়ে নৱনিৰ্মিত অকাডেমীটোৱে ন্যায়িক বিষয়া সকলৰ মাজত ভুল-শুদ্ধৰ ধাৰণা অধিক দৃঢ় কৰি মূল্যবোধ সম্পন্ন ব্যক্তিত্ব গঢ় দি তুলিব বুলি আশা প্ৰকাশ কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ শাৰদ অৰৱিন্দ ববড়েই ন্যায়াধীশ সকলৰ চাৰিটা মূল বৈশিষ্টৰ কথা উল্লেখ কৰি ন্যায়িক বিষয়া সকলক সতৰ্কতাৰে সকলোৰে কথা শুনা, জ্ঞানগতভাৱে দায়িত্ব সম্পাদন কৰিবলৈ, সহৃদয়তাৰে বিবেচনা কৰিবলৈ আৰু নিৰপেক্ষভাৱে সিদ্ধান্ত ল’বলৈ পৰামৰ্শ আগবঢ়ায়।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং আৰু ন্যায়াধীশ হৃষীকেশ ৰয়েও অনুষ্ঠানত ভাষণ প্ৰদান কৰে। উদ্বোধনী অনুষ্ঠানত ন্যায়িক অকাডেমীৰ সঞ্চালক অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এ চি উপাধ্যায়ে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে মুখ্য সচিব বিনোদ কুমাৰ পিপাৰচেনীয়াই শলাগৰ শৰাই আগবঢ়ায়।
অনুষ্ঠানটোত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত আৰু বৰ্তমানে কাৰ্যনিৰ্বাহ কৰি থকা কেইবাগৰাকীও ন্যায়াধীশ, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক এছ চি পাটিল, অসম চৰকাৰৰ মহাধিবক্তা ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁই, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, বহু সংখ্যক ন্যায়িক বিষয়া, চৰকাৰী বিষয়াকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।