আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে অসম গণ পৰিষদ দলে নিজৰ প্ৰস্তুতি আৰম্ভ কৰি তুলিছে। বিজেপিৰে মিত্ৰতা নকৰাকৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত অগপই সাংগঠনিক দিশত দলটোক শক্তিশালী কৰি তোলাৰ প্ৰচেষ্টা চলাইছে।
অগপই নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে দলৰ বৰ্তমান স্থিতি সম্পৰ্কে পৰ্যালোচনা কৰিবলৈ অহা ২৬ মাৰ্চত আমবাৰীস্থিত দলৰ মুখ্য কাৰ্যালায়ত বিষয়ববীয়াসকলৰ এখন বৈঠক আহ্বান কৰা হৈছে।
দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ’বলগীয়া উক্ত বৈঠকত দলৰ কেন্দ্ৰীয় নেতাসকলৰ লগতে জিলা সমিতিৰ সভাপতি আৰু সম্পাদকসকলৰ লগতে ইয়াৰ ভাতৃ আৰু ভগ্নী সংগঠনকেইটাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা সম্পাদকসকল উপস্থিত থাকিব।
অহা ২৫ মাৰ্চৰ ভিতৰত জিলা সমিতিসমূহক প্ৰাৰ্থীৰ তালিকা কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে। সেই মৰ্মে জিলা সমিতিসমূহে আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু গাওঁ পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী বাছনি কৰিব। কিন্তু জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী কেন্দ্ৰীয় সমিতিয়ে বাছনি কৰিব।
অগপ দলৰ জ্যেষ্ঠ নেতা গুণীন হাজৰিকাৰ নেতৃত্বত ইস্তাহাৰ সমিতিয়ে পঞ্চায়ত ইস্তাহাৰ প্ৰণয়নৰ কাম কৰি আছে।
দলৰ সূত্ৰই জনোৱা মতে অহা ৫ এপ্ৰিলত বুথ পৰ্যায়ৰ সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত এখন কৰ্মী সন্মিলন অনুষ্ঠিত হ’ব।
পঞ্চায়ত নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি ফনীভূষণ চৌধুৰীয়ে জনোৱা মতে জিলা সমিতিসমূহে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।