NORTHEAST NOW (Assamese)

পথ সুৰক্ষা সপ্তাহ: সজাগতাৰ লক্ষ্যৰে যোৰহাটত বাইক ৰেলী

April 27, 2018 12:42 pm · স্মীতা ভট্টাচাৰ্য

বিগত বৰ্ষ সমূহৰ দৰে দেশৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমতো যোৱা ২৩ এপ্ৰিলৰ পৰা ২৯ সংখ্যক পথ সুৰক্ষা সপ্তাহ পালন কৰা হৈছে। ঠিক সেইদৰে প্ৰতিগৰাকী  মটৰচাইকেল চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰা, নিচাযুক্ত দ্ৰব্য পৰিহাৰ কৰা আৰু যান-বাহন আইন মানি চলাৰ বাবে যুৱ প্ৰজন্মক সজাগ কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে যোৰহাটত এক বাইক ৰেলী উলিওৱা হয়।

প্ৰায় ২০০ গৰাকী মটৰ চাইকেল আৰোহীয়ে অংশগ্ৰহণ কৰা ৰেলীটো যোৰহাট আৰক্ষী থানাৰ সন্মুখৰ পৰা আৰম্ভ হয়। ৰেলীটো যোৰহাটৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰে শুভ উদ্বোধন কৰে।

ভাষণ প্ৰসংগত আৰক্ষী অধীক্ষক নিম্বলকাৰে বাইক চলোৱাৰ সময়ত হেলমেট পৰিধান কৰাটো কিমান প্ৰয়োজনীয় সেই কথা উল্লেখ কৰাৰ লগতে বাইকৰ পিছফালে অহা আৰোহীজনকো যাত্ৰা কৰা সময়ত হেলমেট পৰিধান কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে সমগ্ৰ যোৰহাট চহৰৰ মাজেৰে উলিওৱা এই বাইক ৰেলীটোত ছাত্ৰ সন্থা, আটাছু, আটছাৰ লগতে বিভিন্ন দল-সংগঠনে পূৰ্ণ সহযোগিতা আগবঢ়ায়।

পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি যোৰহাট আৰক্ষী থানাৰ যান-বাহন শাখাৰ বিষয়া  গৌৰৱ জ্যোতি চেতিয়াই চহৰখনৰ বিভিন্ন স্থানত সজাগতা অভিযান চলাই সকলোকে নিয়ন্ত্ৰন গতিত বাইক চলোৱা,  হেলমেট পৰিধান কৰাৰ উপৰি যান-বাহন আইন মানি চলিবৰ বাবে আহ্বান জনায় ৷

Related News