উগাণ্ডাৰ সুৰক্ষা বাহিনীয়ে বিগত ১৫ বছৰৰ ভিতৰত ৩৮ জন লোকক নৃশংসভাৱে হত্যা কৰি তেওঁলোকৰ মাংস ভক্ষণ কৰাৰ অভিযোগত মুজুৰিজি মোজেছ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। সোমবাৰে সন্ধিয়া দেশখনৰ প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী জেনেৰেল মুহুজি কাইনেৰুগাবাই সামাজিক মাধ্যম এক্সযোগে এই গ্ৰেপ্তাৰৰ কথা আনুষ্ঠানিকভাৱে সদৰী কৰে। ২০১০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত উগাণ্ডাৰ মাছাকা, ইবাণ্ডা আৰু কাজো জিলাত এই ধাৰাবাহিক হত্যাকাণ্ড সংঘটিত কৰা অভিযুক্তজনক দেশখনৰ ইতিহাসৰ আটাইতকৈ কুখ্যাত ধাৰাবাহিক হত্যাকাৰী আৰু নৰখাদক হিচাপে অভিহিত কৰা হৈছে। সেনাপ্ৰধানগৰাকীয়ে লগতে ঘোষণা কৰে যে অভিযুক্ত মোজেছৰ বিচাৰ প্ৰক্ৰিয়া ৰাজহুৱাভাৱে সম্পন্ন কৰা হ’ব আৰু তেওঁক নিশ্চিতভাৱে মৃত্যুদণ্ড বিহা হ’ব।
স্থানীয় তদন্তকাৰী সংস্থাসমূহৰ তথ্য অনুসৰি, মুজুৰিজি মোজেছে বিগত ডেৰ দশক ধৰি অতি নৃশংস পন্থাৰে এই হত্যাকাণ্ডসমূহ সংঘটিত কৰি আহিছিল। অভিযুক্তজনে নিশাৰ অন্ধকাৰত ঘৰৰ দেৱাল ভাঙি ভেতৰত প্ৰৱেশ কৰিছিল আৰু দা বা তেনেধৰণৰ চোকা অস্ত্ৰৰে আক্ৰমণ কৰি সমগ্ৰ পৰিয়ালক হত্যা কৰিছিল। তেওঁ এই অপৰাধসমূহৰ বাবে কোনো আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰা নাছিল। আটাইতকৈ নৃশংস ঘটনাটোত পেন্টেকোষ্টাল ধৰ্মযাজক ষ্টিভেন মুগাম্বেৰ ঘৰৰ দেৱালত ড্ৰিল কৰি ভিতৰত প্ৰৱেশ কৰা হৈছিল আৰু তাত উপস্থিত থকা সকলো সদস্যক ঘপিয়াই হত্যা কৰা হৈছিল।
পৰিয়ালসমূহক লক্ষ্য কৰি লোৱাৰ উপৰিও মোজেছে মহিলাসকলক ফান্দত পেলাবলৈ এক বিশেষ কৌশল অৱলম্বন কৰিছিল। তেওঁ মহিলাসকলক প্ৰেমৰ মিছা প্ৰতিশ্ৰুতি দি তথা একেলগে ফুৰা-চকা কৰি প্ৰথমে বিশ্বাস অৰ্জন কৰিছিল। পাছত একান্তত সময় কটোৱাৰ চলেৰে নিজৰ ঘৰলৈ মাতি নি বা মহিলাগৰাকীৰ ঘৰতেই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিছিল আৰু পৰৱৰ্তী সময়ত মৃতদেহ ভক্ষণ কৰিছিল। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও মোজেছক কেইবাবাৰো আটক কৰা হৈছিল যদিও উপযুক্ত প্ৰমাণৰ অভাৱত অথবা বিতৰ্কিত পৰিস্থিতিত কাৰাগাৰৰ পৰা পলায়ন কৰি তেওঁ সাৰি যাবলৈ সক্ষম হৈছিল।
শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱাৰ পাছত অভিযুক্ত মোজেছে ৩৮টা হত্যাকাণ্ডৰ ভিতৰত ১৭টা হত্যাকাণ্ডৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে। আৰক্ষীয়ে তেওঁৰ বাসগৃহত তালাচী চলাই অপৰাধৰ সৈতে জড়িত কেইবাটাও ভৌতিক প্ৰমাণ জব্দ কৰিছে। তদন্তকাৰী বিষয়াসকলে বৰ্তমান সংশ্লিষ্ট অঞ্চলসমূহৰ অমীমাংসিত নিৰুদ্দেশ আৰু হত্যাকাণ্ডৰ পুৰণি তথ্যসমূহো পুনৰীক্ষণ কৰি আছে। অৱশ্যে, মোজেছৰ বিৰুদ্ধে থকা এই গুৰুতৰ অভিযোগসমূহ আইনী প্ৰক্ৰিয়াৰ জৰিয়তে আদালতত প্ৰমাণিত হোৱাৰ পাছতহে চূড়ান্ত শাস্তি বিহা হ’ব বুলি প্ৰশাসনে স্পষ্ট কৰি দিছে।





