জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায় নিশ্চিত কৰাৰ দাবীত এইবাৰ ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। বুধবাৰে অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁ সাত দফীয়া দাবীসম্বলিত এখন স্মাৰকপত্ৰ দাখিল কৰে। গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াত স্বচ্ছতা আৰু ন্যায়িক জবাবদিহিতা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰা হৈছে স্মাৰকপত্ৰখনৰ জৰিয়তে।
ইফালে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিবাদ আৰু ন্যায়ৰ দাবী অধিক তীব্ৰ হৈ উঠিছে। গুৱাহাটীস্থিত ফাষ্ট ট্ৰেক আদালতত গোচৰটোৰ দৈনিক শুনানি অব্যাহত আছে। বুধবাৰে আদালতত বাদ্যযন্ত্ৰী পাৰ্থ গোস্বামীৰ সাক্ষ্যগ্ৰহণৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ হয়। মঙলবাৰে চৰকাৰী পক্ষৰ অধিবক্তা অসুস্থ হৈ পৰাৰ বাবে তেওঁৰ সাক্ষ্যগ্ৰহণৰ কাৰ্যসূচী পিছুৱাবলগীয়া হৈছিল।
আনহাতে, গোচৰটোৰ দুগৰাকী অভিযুক্ত সংগীতশিল্পী অমৃতপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ সম্পৰ্কীয় তথা নিলম্বিত আৰক্ষী বিষয়া সন্দীপন গাৰ্গে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা চৰ্তসাপেক্ষে জামিন লাভ কৰাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসন্তুষ্টি প্ৰকাশ পাইছে। অভিযুক্তসকলে জামিন লাভ কৰাৰ ঘটনাই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াক লৈ জনসাধাৰণৰ মাজত সৃষ্টি হোৱা উদ্বেগক পুনৰ চৰ্চালৈ আনিছে।
ইতিমধ্যে কটন বিশ্ববিদ্যালয়, বি বৰুৱা মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে জুবিন ফেন ক্লাবৰ সৈতে মিলি ন্যায়ৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছে। আনহাতে, সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি প্ৰতিবাদী মমবাতি আৰু জোঁৰ সমদল আয়োজনৰ কথাও ঘোষণা কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ নিৰপেক্ষ বিচাৰ, স্বচ্ছতা আৰু ন্যায়িক জবাবদিহিতাৰ দাবীত ৰাজ্যখনত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে।





