আলফাৰ বাবে বিগত ৫০ বছৰে কোনেও অসমক আঘাত হানিব পৰা নাই! এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ। নিষিদ্ধ ঘোষিত সংযুক্ত মুক্তি বাহিনী অসম (স্বাঃ)ৰ প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে সংগঠনটোৰ নেতৃত্ব গঠনত মৰাণ-মটক জনগোষ্ঠীৰ গুৰুত্বপূৰ্ণ অৱদানৰ কথাও উল্লেখ কৰে।
তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ সমীপৱৰ্তী কাকপথাৰৰ দিৰাক নৱজ্যোতি গাঁৱত অনুষ্ঠিত মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত এই মন্তব্য কৰে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। অনুষ্ঠানতে মৰাণ-মটক জনগোষ্ঠীৰ সৈতে থকা সম্পৰ্কৰ বাবে তেওঁক বেংমৰা সমন্বয় বঁটাৰে সন্মানিত কৰা হয়।
জনসমাৱেশত ভাষণ দি দৈমাৰীয়ে কয়, “আলফাৰ বাবেই কোনেও অসমক হাত দিব পৰা নাই।” তেওঁ লগতে দাবী কৰে যে আলফাৰ মূল নেতৃত্ব গঢ়ি তোলাত মৰাণ-মটক জনগোষ্ঠীৰ লোকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পৰেশ বৰুৱা মটক জনগোষ্ঠীৰ লোক। বিগত পাঁচটা দশকত অসমে কেনে পৰিস্থিতিৰ সন্মুখীন হ’লহেঁতেন, সেই প্ৰসংগতো মৰাণ-মটক জনগোষ্ঠীৰ অৱদানৰ কথা দোহাৰে তেওঁ।
দৈমাৰীৰ ভাষ্য অনুসৰি, বিগত ৫০ বছৰত মৰাণ-মটক জনগোষ্ঠীৰ লোকসকল নথকা হ’লে অসমৰ অৱস্থা কেনে হ’লহেঁতেন, সেয়া কেৱল ঈশ্বৰেহে জানে। আলফাৰ দৃঢ়তাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে বিগত পাঁচটা দশকত আন কোনেও সংগঠনটোক লৰচৰ কৰাব পৰা নাই।
মৰাণ-মটক জনগোষ্ঠীৰ অৱদানক লৈ অনুষ্ঠিত এই অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ মন্তব্যই আলফাৰ ভূমিকা আৰু অসমৰ বিগত পাঁচটা দশকৰ পৰিস্থিতিক লৈ নতুনকৈ চৰ্চাৰ বাট মুকলি কৰিছে।


