• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰেশ বৰুৱা হয় শান্তি আলোচনালৈ আহক নতুবা আত্মহত্যা কৰক : অভিজিৎ শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 9, 2018 7:20 pm
সাংবাদিকৰ সৈতে মত বিনিময় কৰা অভিজিৎ শৰ্মা।

সাংবাদিকৰ সৈতে মত বিনিময় কৰা অভিজিৎ শৰ্মা।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“পৰেশ বৰুৱা হয় শান্তি আলোচনালৈ আহক নতুবা আত্মহত্যা কৰক। তেওঁৰ হাতত এতিয়া অন্য উপায় নাই। বহু অসমীয়া তেজাল ডেকাৰ তেজ খালে পৰেশ বৰুৱাই। বহু সংখ্যক অসমীয়াৰ তেজখোৱা পৰেশ বৰুৱাৰ জীৱনত কেতিয়াও শান্তি নহয়।” এইদৰে আজি মন্তব্য কৰিছে অসম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৰ সভাপতি অভিজিৎ শৰ্মাই।

শনিবাৰে দিচপুৰ প্ৰেছ ক্লাবত এটা মুখামুখি অনুষ্ঠান আয়োজন কৰি শৰ্মাই সাংবাদিকৰ আগত এই মন্তৱ্য কৰে।

Apply Now

তাৎপৰ্য্যপূৰ্ণভাৱে পৰেশ বৰুৱাক তেওঁ gone case বুলি ইতিকিং কৰে। তেওঁ লগতে কয় “তেওঁ বৃদ্ধ হৈছে আৰু কাম নোহোৱা হৈছে। লগতে তেওঁ বৰ্তমান এটা ভেকুৱামত যুঁজি আছে।”

তাৎপৰ্য্যপূৰ্ণভাৱে ৰেৱতী ফুকনৰ নিৰুদ্দেশ হোৱা ঘটনাৰ সৈতে পৰেশ বৰুৱাৰ ১০০ শতাংশই হাত থকা বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে তেওঁ কয় “যিটো শান্তি প্ৰক্ৰিয়া চলি আছে, সেইটোক সকলো পক্ষই আদৰণি জনাই উঠি-পৰি লাগি আছে। পৰেশ বৰুৱাই এই শান্তি আলোচনাৰ এনেকুৱা অপশক্তিবিলাকক আৰক্ষীয়ে কৰায়ত্ত কৰিব লাগে।”

ইয়াৰোপৰি তেওঁ আলফাৰ লগতে অন্যান্য উগ্ৰপন্থী সংগঠনসমূহৰ হত্যাকাণ্ড বন্ধ কৰাৰ উদ্দেশ্যে ২০০০ চনৰ ২৪ নৱেম্বৰত এ পি ডব্লিউ নামৰ সংগঠনটোৰ জন্ম হোৱা বুলি সদৰী কৰে।

তেওঁ লগতে কয়, “সেইসময়ত আমি আলফাই চলোৱা কু-কৰ্মবিলাক জনসাধাৰণৰ মাজত প্ৰচাৰ চলাইছিলো। স্বাধীন অসমৰ সন্দৰ্ভত গণভোট কৰিছিলো, ধুবুৰীৰ পৰা লখিমপুৰলৈ। ২৬ লাখ মানুহে গণভোট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিছিল যদিও ৪ শতাংশ লোকেহে স্বাধীন অসমৰ দাবীত ভোটদান কৰিছিল। এইটোৱেই আছিল আলফাৰ মোক্ষমম আঘাত।”

‘আলফাৰ দালালবিলাকৰ পৰা বহুতো উপাধি পোৱা বুলি’ সদৰী কৰাৰ লগতে শৰ্মাই কয়, “খগেন শৰ্মাৰ এজেণ্ট হিচাপে প্ৰথম উপাধিটো আলফাই মোক দিছিল। তাৰ পিছত মোক আৰ এছ এছৰ এজেণ্ট আৰু নীলা শিয়াল ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ জাৰজ সন্তান বুলিও উপাধি পাইছিলো।”

উল্লেখযোগ্য যে এজন মানুহৰ সংগঠন বুলি জনাজাত ‘অসম পাব্লিক ৱৰ্কছ’ নামৰ সংগঠনটোৰ সভাপতি অভিজিৎ শৰ্মা প্ৰায়ে সৰৱ হৈ আহিছে পৰেশ বৰুৱাৰ বিৰুদ্ধে। মূলতঃ তেওঁ পৰেশ বৰুৱাৰ বিৰোধিতা কৰিয়েই নিজৰ সংগঠনটোক সংবাদ মাধ্যমত জীয়াই ৰাখিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd