বজালীত এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা দুমাহ পিছত ফাদিল হোৱা খৱৰে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিছুদিন পূৰ্বে বজালীৰ নলনাৰ চিআৰপিএফ জোৱান ঘনশ্যাম দাস আৰু হিমাশ্ৰী কাকতি দাসৰ ১২ বছৰীয়া কন্যা সন্তান গৰাকীয়ে বেলনাৰ জেঠীয়েকৰ ঘৰত উপস্থিত হৈ মাকে সদায় মাৰপিট কৰা বুলি জেঠীয়েকক জনাই ঘৰলৈ যাবলৈ অমান্তি হয়।
ইয়াৰ পিছত কিশোৰীগৰাকীৰ জেঠীয়েক পাঠশালা আৰক্ষীৰ ওচৰ চাপে। পাঠশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত পাৰ্থ প্ৰতীম বিশ্বাসে কিশোৰীগৰাকীৰ পৰা মাকে কিয় অত্যাচাৰ কৰে তাৰ সৱিশেষ জানিব বিচৰাত কিশোৰীগৰাকীয়ে এক লোমহৰ্ষক ঘটনা পাদিল কৰে।
কিশোৰীগৰাকীয়ে আৰক্ষীক জানিব দিয়ে যে তেওঁৰ মাক- দেউতাক আৰু আৰু আন এগৰাকী মহিলাই লগ লাগি এক হত্যাকাণ্ড সংঘটিত কৰে আৰু এই হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী কিশোৰীগৰাকীয়ে কাকো একো নজনায় তাৰ বাবে সদায় ভীতিগ্ৰস্ত কৰি ৰাখে।
কিশোৰীগৰাকীৰ এই স্বীকাৰোক্তিৰ ভিত্তিত পাটাছাৰকুছি থানাৰ বিষয়া বীৰেণ কলিতাৰ সহযোগত পাঠশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ প্ৰতীম বিশ্বাসে অভিযান চলাই কিশোৰীগৰাকীৰ মাতৃ হিমাশ্ৰী কাকতি দাস আৰু তেওঁলোকৰ ঘৰত ভাৰাতীয়া হিচাপে থকা টুটুমনি কলিতা নামৰ মহিলাগৰাকীক আটক কৰি সোধপোছ কৰাত সকলো ৰহস্য ফাদিল হৈ পৰে।
আৰক্ষীৰ জেৰাত দুয়োগৰাকী মহিলাই স্বীকাৰ কৰে যে ঘনশ্যাম দাসৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল দিন হাজিৰা কৰা বিজনী নিৱাসী বিষ্ণু দাস আৰু পত্নী টুটুমনি কলিতা। বিষ্ণুই ঘৰলৈ মদ্যপান কৰি আহি প্ৰায়েই হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে পত্নীক মাৰপিটো কৰিছিল।
যোৱা ১ ফেব্ৰুৱাৰীতো বিষ্ণুই ভাড়াঘৰলৈ আহি হুলস্থুল লগোৱাত ঘনশ্যাম, হিমাশ্ৰী আৰু টুটুমনিয়ে লোহাৰ ৰডেৰে মূৰত আঘাত কৰাত বিষ্ণুৰ থিতাতে মৃত্যু হয়। ইয়াৰ পিছত ঘনশ্যাম আৰু টুটুমনিয়ে মৃতদেহটো এখন বস্তাত ভৰাই এখন স্কুটীৰে লৈ গৈ কালদিয়া নদীত পেলাই দিয়া বুলি জেৰাত মহিলা দুগৰাকীয়ে আৰক্ষীৰ আগত স্বীকাৰ কৰে।
আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিব নোৱাৰিলেও ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত ২২০ নম্বৰ এটা গোচৰ ৰুজু কৰি মহিলা দুগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে আদালতত হাজিৰ কৰাই বৰপেটালৈ প্ৰেৰণ কৰে।
আনহাতে, বৰ্তমান ছত্তীশগড়ত কৰ্মৰত চিআৰপিএফ জোৱান ঘনশ্যাম দাসৰ বিৰুদ্ধেও আৰক্ষীয়ে ব্যৱস্থা লোৱাৰ অৰ্থে বিভাগীয় কৰ্তৃপক্ষলৈ বাৰ্তা প্ৰেৰণ কৰিছে।