নগাঁও জিলাৰ বটদ্ৰবা সত্ৰ সমবায় সমিতিত বিগত ১৮ বছৰে কংগ্ৰেছৰ দখলত থকাৰ লগতে এই সময় ছোৱাত চাউল, আটা, কেৰাচিন আদি বিতৰণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰাৰ বিষয়ে ইতিপূৰ্বে বিভিন্ন সময়ত বাতৰিৰ শিৰোনামা দখল কৰাৰ পিছত সমবায়ত সংঘটিত দুৰ্নীতি, অনিয়ম , মাফিয়াৰাজৰ তদন্তৰ বাবে মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে।
এই তদন্ত চলি থকাৰ সময়তে যোৱা ২৩ জুলাইত এখন আঞ্চলিক কাকতত মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাই বটদ্ৰবা সমবায়ৰ সভাপতি অথবা সম্পাদকক দোষী সাব্যস্ত কৰাৰ বিপৰীতে এজেন্ট সকলকহে দোষী সাব্যস্ত কৰাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে সুলভ মূল্যৰ দোকানীসকল জাঙুৰ খাই উঠে। আৰু ভিত্তিহীন তথ্যৰ আধাৰত বাতৰি প্ৰকাশ কৰা সংশ্লিষ্ট পক্ষৰ লগতে সভাপতি-সম্পাদককো তীব্ৰ ভাষাৰে গৰিহনা দিয়ে। তাৰোপৰি সুলভ মূল্যৰ দোকানী সকলে কয় যে, তদন্তকাৰী বিষয়াসকলে নিৰপেক্ষ তদন্তৰ জৰিয়তে পুঠি, খলিহনা, দৰিকনাৰ উপৰি ৰৌ-বৰালী জালত পেলোৱাৰ ব্যৱস্থা লওক।
আনহাতে যোগান বিভাগৰ বিষয়াৰ উপস্থিতিত কালি গড়কাপ্তানী পৰিদৰ্শন বাংলোত এখন সভা অনুষ্ঠিত হয়। বটদ্ৰবা সত্ৰ সমবায়ৰ সভাপতি অনুপম হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বটদ্ৰবা সমবায়ৰ অধিনস্থ সুলভ মূল্যৰ দোকানীসকল আৰু শতাধিক অংশীদাৰ ৰাইজ উপস্থিত থাকে। সভাত বিগত সময় ছোৱাত সংঘটিত ১১ কোটি ৫০ লাখ টকাৰ বিত্তীয় খেলিমেলি (মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাৰ তদন্তকাৰী বিষয়াৰ পৰা পোৱা তথ্য) সন্দৰ্ভত বিতংভাৱে আলোচনা হয়।
ইয়াৰ উপৰি সমবায়খনৰ দুৰ্নীতিগ্ৰস্ত সম্পাদক আজিবুৰ ৰহমানে কাৰ্যনিৰ্বাহ কৰি থকা পৰ্যন্ত যোগান বিভাগে বটদ্ৰবা সত্ৰ সমবায়ৰ বাবে আবন্টন দিয়া চাউল, কেৰাচিন, আটা আদি কোনো এগৰাকী সুলভ মূল্যৰ দোকানীয়ে মালসমূহ নুঠাও বুলি ঐক্যমতত উপনীত হয় আৰু বিভাগীয় কৰ্তৃপক্ষলৈ সেই সিদ্ধান্ত কাৰ্যকৰী কৰণৰ বাবে প্ৰেৰণ কৰে।
লগতে সমবায়ৰ সভাপতিগৰাকীয়ে তেওঁৰ স্বাক্ষৰত কোনো কাকতত স্পষ্টীকৰণ প্ৰেৰণ কৰা নাই আৰু তদাৰকী শাখাৰ তদন্তৰ আওতাত থকাৰ সময় ছোৱাত বিভাগীয়ভাৱে সম্পাদক তথা বিশেষ দুৰ্নীতিৰ লগত জড়িত নহয় বুলি স্পষ্টীকৰণ প্ৰকাশ কৰাটো আইন বিৰুদ্ধ কথা বুলিও সভাপতি অনুপম হাজৰিকাই কয়।
এনে প্ৰেক্ষাপটতে বৃহত্তৰ অঞ্চলটোৰ সচেতন ৰাইজে বটদ্ৰবাৰ দৰে গুৰুত্বপূৰ্ণ পীঠস্থানত প্ৰতিষ্ঠা কৰা সত্ৰ সমবায়খনিত লুন্ঠন ৰাজ চলোৱা ছোৰহাব উদ্দিন, ছামচুল আলম (আবল), মোক্তাৰ হুছেইন আৰু আজিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনোৱাৰ লগতে প্ৰয়াত সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহই আৰম্ভ কৰা সমবায় আন্দোলনৰ বাস্তৱতাক ৰাইজৰ কাষচপাই নিয়াৰ বাবে মুখ্য মন্ত্ৰীক অনুৰোধ জনাইছে ।