• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশীক লৈয়ে নহয়, এখন খেলপথাৰক লৈয়ো মিছা মাতিছে বিজেপিয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 16, 2018 6:25 pm
khanapara playground guwahati on 16 june, 2018

গুৱাহাটীৰ খানাপাৰা খেলপথাৰৰ অৱ্স্থা। ১৬ জুন, ২০১৮।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি শাসনলৈ অহাৰ পিছত বাংলাদেশীয়ে টালি-টোপোলা বান্ধি যাব লাগিব বোলা প্ৰধান মন্ত্ৰী মোদীৰ প্ৰতিশ্ৰুতি নাগৰিকত্ব বিধেয়কে গোকাট মিছা বুলি অসমবাসীৰ সন্মুখত প্ৰমাণ কৰাৰ পিছত এইবাৰ গুৱাহাটীৰ খানাপাৰা খেলপথাৰক লৈ পোহৰলৈ আহিছে বিজেপিৰ আন এটা জীয়া ফাঁকি!

Apply Now

বিজেপি আৰু কামৰূপ (মঃ) প্ৰশাসন খানাপাৰা খেলপথাৰ ধ্বংসৰ বাবে  জগৰীয়া বুলি অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগে এক আৰ টি আই আবেদনত দিয়া উত্তৰক নস্যাৎ কৰি ১৫ জুনত ৰাজ্যিক বিজেপিৰ কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মাই আৰ টি আইৰ তথ্য অগ্ৰাহ্য কৰিছিল। তাৰ পূৰ্বে অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ‘গণতন্ত্ৰৰ জ্ঞান নাই’ বুলি ১৪ জুনত অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিশ্ববিদ্যালয়খনক উভটি ধৰিছিল।

কিন্তু নৰ্থ ইষ্ট নাও-ৰ চৰজমিন তদন্তত অসম বিজেপিৰ শীৰ্ষ নেতৃত্বৰ এই দাবী গোকাট মিছা বুলি প্ৰমাণিত হৈছে।

khanapara playground guwahati
খানাপাৰা খেলপথাৰৰ বাঁহৰ বেৰা

নৰেন্দ্ৰ মোদী ২০১৪ চনৰ ফেব্ৰুৱাৰিত অহাৰ সময়ত ভঙা খেলপথাৰখনৰ চৌপাশৰ দেৱাল ‘আমি নিৰ্মাণ কৰি দিছো’ বুলি ৰাজ্যিক বিজেপিৰ কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মাই ১৫ জুনত নৰ্থ ইষ্ট নাও-ক কৰা দাবীক এক জীয়া ফাঁকি বুলি প্ৰমাণ কৰি আজি ১৬ জুনতো খেলপথাৰখনৰ ভঙা দেৱালৰ দুঠাইত ওলমি আছে বাঁহৰ বেৰা! তাৰোপৰি খেলপথাৰখনৰ বহুঠাইত ভঙা পকী দেৱালৰ ঠাইত লগাই দিয়া হৈছে কেবাখনো লোহাৰ জপনা!

khanapara playground guwahati
খানাপাৰা খেলপথাৰত পকী দেৱাল ভাঙি তাৰ ঠাইত নিৰ্মাণ কৰা লোৰ জপনা

‘অসম কৃষি বিশ্ববিদ্যালয়ৰ কোনো বিষয়াই কোনো সংগঠনকে এই দেৱালসমূহ ভাঙিবলৈ কৰ্তৃত্ব দিয়া নাছিল আৰু কোনো সংগঠনে বিশ্ববিদ্যালয়ক কোনো ক্ষতিপূৰণ দিয়া নাই,’ বুলি উল্লেখ কৰি আৰ টি আই আবেদন এখনৰ উত্তৰত বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগে জনাইছিল যে প্ৰতিশ্ৰুতি অনুসৰি দেৱালৰ সেই ভঙা অংশসমূহ বিজেপিৰ অসম প্ৰদেশে ঠিক কৰাৰ কথা আছিল।

ৰঞ্জিত নেওগে আৰ টি আইৰ উত্তৰত লগতে জনাইছিল যে যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীৰ এক জনসভাৰ বাবে আইন-শৃংখলাৰ ব্যৱস্থা কৰিবলৈ ক্ৰীড়া প্ৰকল্পটোৰ সীমাৰ দেৱাল ভাঙি দিবলৈ যোৱা ২০১৪ চনৰ ফেব্ৰুৱাৰিত দিচপুৰ ৰাজহ চক্ৰৰ বিষয়াই নিৰ্দেশ দিছিল।

khanapara playground guwahati
খানাপাৰা খেলপথাৰত থকা পকী ব্লক

আনহাতে হেলিপেদ নিৰ্মাণৰ বাবে খেলপথাৰখনত বহুওৱা পকী ব্লকসমূহ আজি ১৬ জুনতো সগৰ্বে বিদ্যমান!

অৱশ্যে সেই হেলিপেড বিজেপিয়ে নিৰ্মাণ কৰা নাছিল বুলি দলৰ ৰাজ্যিক কোষাধ্যক্ষগৰাকীয়ে ১৫ জুনত দাবী কৰিছিল।

নৰ্থ ইষ্ট নাও-এ আৰ টি আইৰ তথ্যৰ আধাৰত প্ৰকাশ কৰা ধাৰাৱাহিক প্ৰতিবেদনৰ পিছতো আজিও গা লৰা নাই ‘গুৱাহাটীক দেশৰ ক্ৰীড়াৰ ৰাজধানী’ কৰাৰ সপোন দেখা সোণোৱাল চৰকাৰৰ।

khanapara playground guwahati
১৮ জুনৰ চৰকাৰী অনুষ্ঠানৰ বাবে খানাপাৰা খেলপথাৰত ১৬ জুনত চলি থকা প্ৰস্তুতি

অসমত স্থাপন হ’ব লগা ১৯ খন কেন্সাৰ চিকিৎসালয়ৰ ১৮ জুনত হ’ব লগা শুভাৰম্ভণি অনুষ্ঠানৰ বাবে আজিও বিশাল এক মণ্ডপ সজাকে ধৰি বিভিন্ন প্ৰস্তুতি চলাই থকাৰ ফলত বিধ্বস্ত হৈ পৰিছে খেলপথাৰখন।

জানিব পৰা মতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সেই সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু টাটা ছানছৰ ৰতন টাটাও উপস্থিত থাকিব।

গুৱাহাটীৰ এই বিশাল আৰু অত্যাধুনিক সা-সুবিধাযুক্ত খেলপথাৰখন ক্ৰীড়াৰ লগত সম্পৰ্ক নোহোৱা কাৰ্য্যসূচীসমূহৰ বাবে ধ্বংস হোৱা সন্দৰ্ভত নৰ্থ ইষ্ট নাও-ত প্ৰকাশিত ধাৰাৱাহিক, বিস্তাৰিত প্ৰতিবেদনৰ পিছত ৰাজ্যৰ একাংশ প্ৰাক্তন ৰঞ্জি খেলুৱৈ, ক্ৰীড়া সংগঠক, মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ লগতে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কংগ্ৰেছে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

September 5, 2026 3:48 pm
জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

September 5, 2026 3:48 pm
জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd