বান-খহনীয়াত ভূমিহীন হোৱা লোকসকলক যাতে প্ৰয়োজনীয় মাটি দিব পৰা যায়, তাৰ বাবে ৰাজ্য চৰকাৰে পি জি আৰ আৰু ভি জি আৰ ভূমিৰ ক্ষেত্ৰত ন্যায়ালয়ৰ দ্বাৰা আৰোপিত আদেশ অসমৰ ক্ষেত্ৰত ৰেহাই দি এই আদেশৰ পুনৰীক্ষণ কৰিবলৈ উচ্চতম ন্যায়ালয়ত দৰ্খাস্ত কৰিব। এই কথা জানিবলৈ দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
কালি সন্ধিয়া ডিব্ৰুগড় আৱৰ্ত ভৱনত জিলাখনৰ চক্ৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এক বৈঠকত মুখ্য মন্ত্ৰীয়ে এই কথাটো জানিবলৈ দিয়ে।
বৈঠকখনত লগতে মুখ্য মন্ত্ৰীজনে ভূমি আবণ্টন দিয়াৰ পূৰ্বে মাটিৰ স্থিতি সম্পৰ্কত পুংখানুপুংখ অধ্যয়ন কৰাৰ বাবে চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত গাওঁবুঢ়াসকলক সম্পূৰ্ণ আস্থাত লৈ কাম কৰিবলৈও মুখ্য মন্ত্ৰীজনে নিৰ্দেশ দিয়ে।
নতুনকৈ উদ্যোগ স্থাপন কৰিব বিচৰা উদ্যোগপতিসকলে যাতে প্ৰয়োজনীয় ভূমি লাভ কৰিব পাৰে তাৰ বাবে চৰকাৰী খালী ভূমিৰ জৰীপ চলাবলৈ চক্ৰ বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত কৃষি আৰু পশুপালন বিভাগৰ বিষয়াসকলৰ লগতো আলোচনা কৰিবলৈ কয়।
আনহাতে ধুমুহা, শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক শীঘ্ৰে সাহায্য প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য মন্ত্ৰীজনে চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে স্থানীয় বিধায়কসকলৰ লগতো আলোচনা কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে।
আলোচনাৰ সময়ত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত লয়া মাদ্দুৰী, আৰক্ষী অধীক্ষক গৌতম বৰা আৰু প্ৰশাসনৰ অন্যান্য বিষয়াসকল উপস্থিত আছিল।