উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ দীৰ্ঘদিনীয়া বিদ্যুতৰ সমস্যাৰ সমাধানৰ উদ্দেশ্যে দেওবাৰে বিয়লি ৪ বজাত শদিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ত এখন পৰ্য্যালোচনা সভা আয়োজন কৰা হয়।
উক্ত সভাত শক্তি মন্ত্ৰী তপন গগৈয়ে শক্তি বিভাগৰ অতিৰিক্ত মুখ্য সচিব পুৰু গুপ্তা, শক্তি বিভাগৰ অধক্ষ্য জিষ্ণু বৰুৱা, পাৱাৰ গ্ৰীডৰ সহকাৰী মূখ্য প্ৰবন্ধক ফৰুক শ্বেখ, লক্ষীমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ ৯গৰাকী বিধায়কৰ লগতে জিলাৰ দুখনৰ অসম বৈদ্যুতিক বিতৰণ নিগমৰ উচ্চ পদস্থ বিষয়াসকলৰ লগত এক বৈঠকত মিলিত হয়।
প্ৰায় তিনি ঘন্টা যোৰা এই পৰ্য্যালোচনা বৈঠকত বহুতো গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা হয়। বিশেষকৈ অসমৰ প্ৰত্যেকখন চাহ বাগিচা কর্মীসকলৰ গৃহত ক্লাছটাৰ মিটাৰৰ সলনি ব্যক্তিগত মিটাৰ দিয়াৰ ব্যৱস্থা কৰা , ২০২০ চনৰ ভিতৰত অসমৰ সকলো অঞ্চলত থকা কাঠ আৰু বাঁহৰ খুটাৰ ঠাইত পকী খুটাৰ ব্যৱস্থা কৰিবলৈ শক্তি বিভাগৰ সকলো সংশ্লিষ্ট বিষয়াক নিৰ্দেশ জাৰি কৰে।
বিশেষকৈ শদিয়া অঞ্চলৰ বিদ্যুতৰ সমস্যা সন্দৰ্ভত উল্লেখ কৰি শদিয়াৰ ন তৰাণী গাঁৱৰ সমীপত নিৰ্মীয়মান শক্তি বিতৰণ কেন্দ্ৰটো ২০১৯ চনৰ মে মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নির্দেশ জাৰি কৰিছে ।
তেওঁ, বিদ্যুৎ নাটনিৰ সমস্যাৰ ওৰ পেলাবলৈ বৰ্তমান শাসকীয় চৰকাৰখনে ২৩ লাখ গৃহলৈ ২০১৮ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত বিজুলী যোগানৰ ব্যৱস্থা কৰিব বুলি ব্যক্ত কৰাৰ লগতে আগন্তুক দিনত ২৫ কোটি টকা ব্যয়ৰে বৰ্তমান ব্যৱহৃত হৈ থকা তাঁৰৰ সলনি কেবুল ব্যৱস্থা কৰা হ’ব বুলি সদৰী কৰে। ইয়াৰ উপৰি শক্তি বিভাগত আগন্তুক দিনত ৩,৮০০ টা খালি পদত নিযুক্তি দিয়া হ’ব বুলিও তেওঁ উল্লেখ কৰে।