আজি বিশ্বনাথ জিলাৰ মাজমজিয়াৰ পৰাই এজন ব্যক্তিৰ পৰাই দুৰ্বৃত্তই এক লাখ টকা লুটি নিয়া ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে বিশ্বনাথ জিলাৰ লেহুগাঁৱৰ নিবাসী কৈলাশ ডেকা নামৰ এজন ব্যক্তিয়ে আজি পুৱা প্ৰায় ১১.১৫ মিনিটত বিশ্বনাথ চাৰিআলিৰ চেণ্টেল বেংকৰ শাখাত টকা উঠোৱাৰ বাবে উপস্থিত হয়।
ইয়াৰ পিছতে কৈলাশ ডেকাই বেংকৰ পৰা এক লাখ টকা সংগ্ৰহ কৰি পাছবুকৰ সৈতে এটা পলিথিনৰ মোনাত লৈ এ এছ ১২ এল ১০৪১ নম্বৰৰ মটৰচাইকেলেৰে ঘৰমুখী হ’ব ধৰে।
কিন্তু সেই সময়তে এজন পথচাৰীয়ে ডেকাক মটৰচাইকেল খনৰ পিছফালে কেইবাখনো নোট পৰি আছে বুলি কোৱাত ডেকায়ে পিছফালে ঘূৰা মাত্ৰকে অচিনাক্ত যুৱকজনে ১ লাখ টকা সহ পাছবুকৰ সৈতে মোনাটো লৈ যায়।
আনহাতে এই ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত বিশ্বনাথ চাৰিআলিৰ উচ্চ পদস্থ আৰক্ষী উপস্থিত হৈ অনুসন্ধান চলোৱাৰ লগতে চি চি টি ভিত আবদ্ধ হোৱা ফুটেজ নিৰীক্ষণ কৰিছে।
আৰক্ষীয়ে এই ঘটনাৰ লগত কেইবাজনো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে।