‘নাৰী শক্তি অবিহনে কোনো সমাজ ভালদৰে পৰিচালিত হ’ব নোৱাৰে। নাৰী আৰু পুৰুষে সমানে দায়িত্বভাৰ ল’লে সমাজ এখন সুস্থ সমাজ হিচাপে পৰিচালিত হ’ব পাৰে। সেয়েহে নাৰী আৰু পুৰুষ বুলি সুকীয়াকৈ বিবেচনা কৰাৰ কথা নাহে। উভয়ে উভয়ক কৰ্ম পথাৰত অনুপ্ৰেৰণা যোগালেহে এখন গতিশীল সমাজ ব্যৱস্থা গঢ় লৈ উঠিব পাৰে।’ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কলাক্ষেত্ৰ প্ৰাংগণত অৱস্থিত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগ আৰু অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ যুটীয়া উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ‘বিশ্ব গুৰু ভাৰত-ভাৰতীয় সংস্কৃতিৰ বাহক নাৰী সমাজ’ শীৰ্ষক আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।
লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰধান মন্ত্ৰী মোদীয়ে নাৰীৰ সৱলীকৰণৰ দিশত বিশেষ গুৰুত্ব দিয়াৰ লগতে নাৰীৰ নেতৃত্বৰে উন্নয়ন সাধনৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে বুলি কয়।
আজিৰ অনুষ্ঠানতে মুখ্য মন্ত্ৰী গৰাকীয়ে ‘জনতাৰ চৰকাৰ’ৰ উদ্যোগত বিভিন্ন কৰ্মক্ষেত্ৰত সফলতাৰে নিদৰ্শন দাঙি ধৰা উদ্যোগী মহিলাৰ ওপৰত নিৰ্মিত ‘অনন্যা’ নামৰ তথ্য চিত্ৰখনৰ ডিভিডি আনুষ্ঠানিকভাৱে উন্মোচন কৰে।
লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে ‘বেটি বচাও বেটি পঢ়াও’ কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেচাদৰ তথা আইবা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী অংকুশিতা বড়োক সম্বৰ্ধনা জনোৱাৰ উপৰি ৫০ হাজাৰ টাকৰ এখন চেক প্ৰদান কৰে।
অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ অধ্যক্ষা কৃষ্ণা দাসে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা তথা সভানেত্ৰী আঙুৰলতা ডেকা, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াও ভাষণ প্ৰদান কৰে।
অনুষ্ঠানটোত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ৰঞ্জিত দেৱ চৌধুৰী, বিশিষ্ট উদ্যোগী চন্দ্ৰাণী শৰ্মা, অপৰাজিতা দাস বুৱা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী প্ৰৱক্তা ডাঃ মৰমী দাস, ডাঃ নৱনীতা ডেকা, বিশিষ্টা সমাজসেৱিকা কুইন ওজা প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।