অবড়ো লোকৰ সংখ্যাতকৈ কম সংখ্যক বড়ো লোক থকা বি টি এ ডিত বড়োসকলক অতিমাত্ৰা ৰক্ষাকৱচ দিবলৈ গৈ অবড়োসকলৰ অধিকাৰ খৰ্ব কৰা হৈছে নেকি- এনে প্ৰশ্ন উত্থাপন কৰিছে অঞ্চলটোৰ অবড়ো ৰাইজে।
বড়ো লোকসকলৰ বিভিন্ন অধিকাৰক ৰক্ষণাবেক্ষণ দিবলৈ বি টি চি প্ৰশাসনে লোৱা কিছুমান কাৰ্য্যসূচীয়ে দীৰ্ঘদিনৰ পৰা অবড়োসকলৰ অধিকাৰ খৰ্ব কৰি আহিছে।
ইয়াৰ শেহতীয়া এটা উদাহৰণ হ’ল বি টি চি অঞ্চলত বি টি চি প্ৰশাসনে গ্ৰহণ কৰা এটা সিদ্ধান্ত। জানিব পৰামতে বি টি চি প্ৰশাসনে ৰাজ্য চৰকাৰৰ কোনো অনুমতি অবিহনেই, অৰ্থাৎ প্ৰায় গোপনে ভূমিৰ অধিকাৰ তথা মাটি-বাৰী কিনা-বেচাৰ ক্ষেত্ৰত বি টি চি অঞ্চলৰ ভিতৰৰ বিভিন্ন সংৰক্ষিত শ্ৰেণীবোৰে ভোগ কৰি থকা অধিকাৰ কৰ্তন কৰিবলৈ ওলাইছে।
সূত্ৰটোৱে জনোৱা মতে, যোৱা ১২ জানুৱাৰিত বি টি এ ডিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত বহা পৰিষদৰ এখন বৈঠকে সিদ্ধান্ত লৈছে যে মাটি-বাৰী কিনাবেচাৰ ক্ষেত্ৰত বি টি এ ডিৰ ভিতৰত থকা বিভিন্ন সংৰক্ষিত শ্ৰেণীবোৰক (কোচ, নেপালী, চাওতাল, নাথ-যোগী ) সাধাৰণ শ্ৰেণী হিচাপে গণ্য কৰা হ’ব।
এই সিদ্ধান্ত কাৰ্য্যকৰী হ’লে অঞ্চলটোত সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদাসহকাৰে দীৰ্ঘদিন ধৰি বসবাস কৰি অহা জনগোষ্ঠীসমূহে তেওঁলোকৰ বিশেষাধিকাৰ হেৰুৱাব লাগিব। তেওঁলোকে মাটি কিনাৰ ক্ষেত্ৰত ইমানদিনে ভোগ কৰি অহা অধিকাৰ আৰু ভোগ কৰিব নোৱাৰিব।
উল্লেখযোগ্য যে ২০০৩ চনত বি টি চি গঠন কৰাৰ সময়ত বি টি এ ডিত বসবাস কৰা সকলো জনগোষ্ঠীকে সম অধিকাৰ প্ৰদান কৰাৰ কথা কোৱা হৈছিল।
সেইমতে বড়োসকলৰ উপৰি বি টি এ ডিত বসবাস কৰা আন জনগোষ্ঠীৰ ক্ৰমে কোচ ৰাজবংশী, চাওতাল, নেপালী আৰু নাথ যোগীসকলক সংৰক্ষিত জনগোষ্ঠী হিচাপে স্বীকৃতি দিয়া হৈছিল।
আনহাতে, ১৯৯০ চনত হিতেশ্বৰ শইকীয়া মুখ্য মন্ত্ৰী হৈ থকাৰ সময়তে সেই সময়ৰ বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ (বি এ চি)ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰেমসিং ব্ৰহ্মই বি এ চিত উক্ত জনগোষ্ঠীকেইটাক সংৰক্ষিত শ্ৰেণী হিচাপে ঘোষণা কৰি ভূমিৰ অধিকাৰ প্ৰদান কৰিছিল।
সেই অনুসৰি বি টি এ ডিৰ উক্ত জনগোষ্ঠীকেইটাই ‘আছাম লেণ্ড ৰেভিনিউ ৰেগুলেইশ্যন এক্ট ১৮৮৬’ অনুসৰিয়ে সকলো সুবিধা লাভ কৰি আহিছিল। অৰ্থাৎ এই জনগোষ্ঠীসমূহে বি টি এ ডিত মাটি ক্ৰয়-বিক্ৰয় বা হস্তান্তৰ কৰিব পাৰিছিল।
কিন্তু এতিয়াৰ বি টি চি প্ৰশাসনে অঞ্চলটোত সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা লাভ কৰি থকা এই জনগোষ্ঠীবোৰক সংৰক্ষিত শ্ৰেণীৰ পৰিৱৰ্তে সাধাৰণ শ্ৰেণী কৰি তেওঁলোকৰ পৰা ভূমিৰ অধিকাৰ কাঢ়ি নিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।
জানিব পৰামতে যোৱা ১২ জানুৱাৰিত হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত পৰিষদৰ কেবিনেট বৈঠকখনত ভূমি-ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ভূমিৰ হস্তান্তৰ প্ৰস্তাৱটো উহ্থাপন কৰিছিল। এই প্ৰস্তাৱৰ আধাৰতে উক্ত বৈঠকত গোটেই বিষয়টো আলোচনা কৰি সংৰক্ষিত শ্ৰেণীৰ লোকসকলৰ সংৰক্ষণ বাতিল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
ফলত এতিয়াৰ পৰা জনগোষ্ঠীকেইটাক বি টি এ ডিত অজনজাতি অৰ্থাৎ সংৰক্ষিত শ্ৰেণীৰ পৰিৱৰ্তে সাধাৰণ শ্ৰেণী বুলিহে গণ্য কৰা হ’ব বুলি সিদ্ধান্ত লয়। আনহাতে বৈঠকতে এই সন্দৰ্ভত ভূমি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগক পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়া হয়। সূত্ৰটোৱে জনোৱামতে যোৱা ১২ জানুৱাৰিত গ্ৰহণ কৰা এই সিদ্ধান্তৰ আনুষ্ঠানিক প্ৰস্তাৱত হাগ্ৰামা মহিলাৰীয়ে যোৱা ৩১ জানুৱাৰিত স্বাক্ষৰ কৰি সিদ্ধান্তবোৰ কাৰ্যকৰী কৰিবলৈ প্ৰয়োজনীয় অধিসূচনা জাৰি কৰিবলৈও নিৰ্দেশ দিছিল।
এই নিৰ্দেশ কাৰ্য্যকৰী হ’লে উপৰি উক্ত শ্ৰেণীবোৰে বি টি এ ডিত বড়ো জনগোষ্ঠীৰ লোকৰ পৰা ভূমি ক্ৰয় কৰিব নোৱাৰিব। আনকি এই জনগোষ্ঠীবোৰে নিজৰ মাজত ভূমি কিনা-বেচা কৰিবলৈও পৰিষদৰ অনুমতি ল’ব লাগিব। বি টি চি প্ৰশাসনৰ এই অন্যায় সিদ্ধান্তই বি টি এ ডিত বসবাস কৰা উক্ত জনগোষ্ঠীসকলক ক্ষুদ্ধ কৰি তোলা বুলি জানিব পৰা গৈছে।
হাগ্ৰামা তথা বি টি চি প্ৰশাসনৰ এই এক পক্ষীয় সিদ্ধান্তই এতিয়া সকলোকে ভাবিবলৈ বাধ্য কৰিছে যে বড়োসকলৰ অধিকাৰ সংৰক্ষণৰ নামত আচলতে এটা অন্যায় তথা ওলোটা শোষণ ব্যৱস্থাক আনিব বিচৰা হৈছে নেকি?