• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বি টি চি কৰ্তৃপক্ষৰ পদক্ষেপ ষষ্ঠ অনুসূচী (সংশোধনী) আইন, ২০০৩ ৰ পৰিপন্থী : প্রদেশ কংগ্ৰছ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2018 8:04 am
Durga Das BoroPressMeet

ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি থকা অৱস্থাত দুৰ্গাদাস বড়ো। ফটো : য়ু বি।

22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বি টি এ ডিত বসবাস কৰা বিভিন্ন অবড়ো জাতি-জনগোষ্ঠীৰ লোকৰ ভূমিৰ অধিকাৰ খৰ্ব কৰি বিটি এ ডিৰ প্ৰশাসনে গ্ৰহণ কৰিবলৈ ওলোৱা একপক্ষীয় ,স্বৈৰাচাৰী আৰু মৌলিক অধিকাৰ খৰ্বকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছে অসম প্ৰদেশ কংগেছ কমিটিয়ে।

কেৱল প্ৰতিবাদ জনোৱাই নহয় প্ৰদেশ কংগ্ৰেছে বি টি চি কৰ্তৃপক্ষক অতি সোনকালে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ সকীয়াই দিছে। যদিহে এই অগণতান্ত্ৰিক সিদ্ধান্তটো প্ৰত্যাহাৰ কৰা নহয়, তেন্তে অসম প্ৰদেশ কংগ্ৰেছে বি টি এ ডিৰ ৰাইজৰ গণতান্ত্ৰিক আৰু সাংবিধানিক অধিকাৰ ৰক্ষাৰ স্বাৰ্থত আপোচহীনভাৱে কাম কৰি যাব। ২৭ তাৰিখে ৰাজীৱ ভৱনত এখন সংবাদমেল পাতি প্ৰদেশ কংগ্ৰেছে এইদৰে কয়।

Apply Now

সংবাদমেলত দলটোৰ সাধাৰণ সম্পাদক আৰু জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গাদাস বড়োৱে কয় যে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশনাটো বিটিচি চুক্তিৰেই নহয়, ভাৰতৰ মহামান্য সংসদত গৃহীত হোৱা ষষ্ঠ অনুসূচী (সংশোধনী) আইন, ২০০৩ ৰো পৰিপন্থী। কিয়নো ২০০৩ চনত বি টি চি চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত এইটো স্পষ্টকৈ ঘোষণা কৰা হৈছিল যে বি টি চি চুক্তি স্বাক্ষৰ কৰাৰ মসয়ত বি টি চি এলেকাত বসবাস কৰা সকলো শ্ৰেণীৰ লোকৰ ভূমিসহ সকলো ধৰণৰ সাংবিধানিক আৰু নাগৰিক অধিকাৰ সুৰক্ষিত হৈ থাকিব।

সংবাদমেলত দুৰ্গাদাস বড়োৱে স্পষ্টকৈ কয় যে বি টি চি চুক্তিৰ লগতে ষষ্ঠ অনুসূচী (সংশোধনী) আইন ২০০৩ ত সংশ্লিষ্ট দফাকেইটাত থকা গুৰুত্বপূৰ্ণ দফাকেইটা আছিল-

ক) বি টি চি এলেকাত ষষ্ঠ অনুসূচীৰ ভূমি আইন কেতিয়াও কাৰ্য্যকৰী নহ’ব।

খ) বি টি চি চুক্তি কাৰ্য্যকৰী কৰা সময়ৰ পৰা বি টি চি এলেকাত অসম ভূমি আৰু ৰাজহ আইন, ১৮৮৬ ৰ দশম অধ্যায় অৰ্থাৎ ট্ৰাইবেল বেল্ট আৰু ব্লক কাৰ্য্যকৰী হৈ নাথাকিব।

গ) বি টি চি এলেকাত বসবাস কৰা সকলো শ্ৰেণীৰ লোকৰ ভূমিসহ সকলো ধৰণৰ সাংবিধানিক আৰু নাগৰিক অধিকাৰ খৰ্ব কৰা কোনো পদক্ষেপ বি টি চি কৰ্তৃপক্ষই কেতিয়াও গ্ৰহণ কৰিব নোৱাৰিব।

ঘ) বি টি চি কাৰ্য্যকৰী হোৱাৰ পিছত অঞ্চলটোৰ কোনো শ্ৰেণীৰ লোকৰ ভূমিৰ অধিকাৰ খৰ্ব নকৰাকৈ বি টি চি এখন নতুন ভূমি নীতি প্ৰস্তুত কৰিব, য’ত বি টি চি এলেকাৰ সকলো শ্ৰেণীৰ বৈধ বাসিন্দাৰ ভূমিৰ দখলীস্বত্ব, হস্তান্তৰ, আবণ্টন লাভৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব।

এইদৰে স্পষ্ট দফা থকাৰ পিছতো কিহৰ ভিত্তিত বি টি চি কৰ্তৃপক্ষই অঞ্চলটোৰ অবড়ো নাগৰিকৰ গণতান্ত্ৰিক আৰু সাংবিধানিক অধিকাৰ খৰ্ব কৰিবলৈ ওলাইছে বুলি সংবাদমেলত বড়োৱে প্ৰশ্ন কৰে।

লগতে তেওঁ কয় যে বি টি চি কৰ্তৃপক্ষই ইয়াৰ পূৰ্বেও ‘বি টি চি লেণ্ড এণ্ড ৰেগুলেইশ্যন-২০০৬ নামেৰে এখন বিধেয়ক বি টি চি পৰিষদীয় সভাত গ্ৰহণ কৰি অসম চৰকাৰলৈ প্ৰেৰণ কৰিছিল। কিন্তু ২০০৩ চনৰ বি টি চি চুক্তিৰ পৰিপন্থী হোৱা বাবে তদান্তীন কংগ্ৰেছ চৰকাৰে ইয়াত অনুমোদন জনোৱা নাছিল। এতিয়া বিজেপি মিত্ৰজোঁট চৰকাৰত থকাৰ বলত বলীয়ান হৈ মহিলাৰীয়ে এই অগণতান্ত্ৰিক বিধেয়ক আনিবলৈ আগ বাঢ়িছে। এইদৰে কয় দুৰ্গাদাস বড়োৱে।

বি টি এ ডিৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ই সন্দেহ, অবিশ্বাসৰ বাতাবৰণ বৃদ্ধি কৰাৰ লগতে সংঘাতৰো সূত্ৰপাত ঘটাব পাৰে বুলি তেওঁ কয়। তেওঁ লগতে এই ষড়যন্ত্ৰৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ সদায় ৰাইজৰ কাষত থিয় দিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd