অসমৰ বৰ্তমানৰ ৰাজনীতিত বি পি এফ দলটোৱে গুৰুত্বপূ্ৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বি টি চি প্ৰধান হাগ্ৰাম মহিলাৰীৰ সমঅধিকাৰ-সমমৰ্যাদাৰ নীতি-আদৰ্শৰ বাবেই এতিয়া বি টি চিত অতুলনীয়ভাবে বৃদ্ধি পাইছে উন্নয়নমূলক কাম-কাজ। এই ভাষ্য কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়োৰ।
ৰবিবাৰে কলাইগাঁৱৰ নিকটৱৰ্তী বালিপাৰা কৃষক মুক্তি হাইস্কুল প্ৰাংগণত অনুষ্ঠিত বি পি এফৰ মুদৈবড়ী ব্লক সমিতিৰ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকি বি পি এফ দলৰ বিভিন্ন জয়গান গোৱা পৰিলক্ষিত হয়।
বিধায়কগৰাকীয়ে উদ্বোধনী ভাষণত কয় যে এচাম অশুভ ৰাজনৈতিক নেতাই ৰাজনৈতিক লাভালাভ গ্ৰহণ কৰিবলৈ বি টি চিত অশান্ত পৰিৱেশৰ সৃষ্টি কৰিবলৈ তৎপৰ হৈ পৰিছে। ইফালে তেওঁ এনেবোৰ নেতাৰ চক্ৰান্তক ৰাইজে কোনো কাৰণতেই প্ৰশ্ৰয় নিদিয়ে বুলিও মন্তব্য কৰে।
আনহাতে সভাৰ মুখ্য অতিথিৰ ভাষণত বি টি চিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰীয়ে কয় যে ওদালগুৰি জিলাৰ অতি শোচনীয় ৰাস্তা-ঘাটবোৰ বি পি এফৰ দিনতেই সূচল হৈছে।
উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ব্লক বি পি এফৰ কালিৰ মুকলি সভাত সমষ্টিৰ বহু অগপ আৰু এবছু কৰ্মীয়ে বি পি এফত যোগদান কৰে।
আনহাতে হীৰেন চন্দ্ৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কালিৰ উক্ত মুকলি সভাত বি টি চিৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰসহ কেন্দ্ৰীয় সমিতিৰো বহিকেইগৰাকী নেতাই অংশগ্ৰহণ কৰে।