শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বেতবাৰী মৌজাৰ কুৰিখন গাঁৱৰ জনসাধাৰণৰ যাতায়াতৰ একমাত্ৰ পথ কহনৰ আলিৰ জৰাজীৰ্ণ অৱস্থাই অঞ্চলবাসীক দীৰ্ঘদিন ধৰি জ্বলা-কলা খুৱাই আহিছে।
ফলত বৰ্তমান শোচনীয় ৰূপ ধাৰণ কৰা পথটো অতি শীঘ্ৰে পকীকৰণৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজৰ লগতে বেতবাৰী নাগৰিক মঞ্চই শিৱসাগৰ জিলা উপায়ুক্তক দাবী উত্থাপন কৰিছে।
উল্লেখযোগ্য যে চেতিয়া-কৈবৰ্ত দিচাং মথাউৰিৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী প্ৰায় ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ বেতবাৰী কহনৰ আলি পথটো ঘাইপথৰ পৰা প্ৰায় ২ কিলোমিটাৰ যোৱা দহটা বছৰ পূৰ্বেই প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পকীকৰণ হল যদিও পথটোৰ বাকী থকা ১ কিলোমিটাৰ আজি পৰ্যন্ত পকীকৰণৰ ব্যৱস্থা নকৰিলে গড়কাপ্তানি বিভাগে।
ফলত বৰ্তমান পথটো ঠায়ে ঠায়ে পথাৰৰ লগত একাকাৰ হোৱাৰ লগতে অসংখ্য গাঁতৰ সৃষ্টি হৈ যাতায়াতৰ অনুপযোগী হৈ পৰিছে। এজাক বৰষুণ দিলেই পথটো বোকাময় হৈ গাড়ী মটৰ চলাচল কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয়।
আৰু ইয়াৰ ফল ভোগ কৰিব লগা হৈছে পথটোৰ কাষতে থকা প্ৰাথমিক বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলে। লগতে যদি কোনোবা ৰোগীক চিকিৎসলায়লৈ নিব লগা হ’লে ৰোগীক ঠেলাত উঠাই নিব লগা হয়।
আনহাতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা লুথুৰি-চেতিয়া আলি হৈ টাড়িমূৰা আলিলৈকে প্ৰায় ৩.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ লুঠুৰি চেতিয়া কহনৰ আলি পথটোত প্ৰকাণ্ড গাঁত হৈ যাতায়াতৰ অনুপযোগী হৈ পৰিছে। তাৰোপৰি জৰাজীৰ্ণ ৰূপৰ বাবে পথটোত দৈনিক দুৰ্ঘটনা সংঘটিত হোৱাতো এক নিয়মত পৰিণত হৈছে।
কিন্তু মন কৰিব লগীয়া যে গড়কাপ্তানি বিভাগৰ শিৱসাগৰ সংমণ্ডল কাৰ্যালয়ে পথটো বিধ্বস্ত হোৱা ৭ বছৰ অতিক্ৰম কৰাৰ পাছতো আজিলৈকে মেৰামতিৰ ব্যৱস্থা কৰা নাই।
বেতবাৰী নাগৰিক মঞ্চই বিভাগটোৰ কাৰ্যবাহী বিষয়াগৰাকীৰ লগতে কনিষ্ঠ অভিযন্তাৰ অকমৰ্ণ্যতাৰ বাবেই পথটোৰ মেৰামতি আৰু বাকী অংশৰ পকীকৰণ সম্ভৱ হৈ উঠা নাই বুলি অভিযোগ কৰি জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে।