বহাগৰ প্ৰথম দিনাটোতেই বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত সংঘৰ্টিত দুটা পৃথক পথ দুৰ্ঘটনাত তিনিজন যুৱক গুৰুতৰভাৱে আহত হয়৷ ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিৱৰণ মতে, আজি বিয়লি বোকাখাতৰ সমীপৰ সাপজুৰিত এখন মটৰচাইকেলত অহা এজন যুৱকে নিয়ন্ত্ৰণ হেৰুৱাই এখন ছুইফট ডিজাইয়াৰ গাড়ীৰ পিছফালে খুন্দা মাৰে৷ ঘটনাৰ ফলত মটৰচাইকেলখনৰ আৰোহী বোকাখাতৰ সাপজুৰিৰ পংকজ গগৈ গুৰুতৰভাৱে আহত হয়৷
আহত যুৱকজনক ততাতৈয়াকৈ বোকাখাতৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয়৷ প্ৰাথমিক চিকিৎসা প্ৰদানৰ পাছত আহত পংকজ গগৈক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷
ইফালে একে সময়তে বোকাখাতৰ ওচৰৰ নুমলীগড়ত ৩৭ নং ৰাষ্ট্ৰীয় পথত আন এক দুৰ্ঘটনা সংঘৰ্টিত হয়৷ এইটো ঘটনাত কমাৰগাৱঁৰ পৰা বোকাখাতলৈ বুলি আহি থকা এখন স্কুটিক ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে গৈ থকা এখন গাড়ীয়ে মহতিয়াই নিয়ে৷ ফলত স্কুটিৰ আৰোহী ৰাজা সেন আৰু কমলেশ্বৰ ৰামচিয়াৰী গুৰুতৰভাৱে আহত হয়। দুয়োকে বোকাখাত অসামৰিক চিকিৎসালৈ নিয়া হয়৷ দুয়োৰে ভিতৰত ৰাজা সেনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷