বোকাখাতৰ সন্ধানী লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আজি স্থানীয় পুৱতি সাহিত্য সভাৰ প্ৰেক্ষাগৃহত বোকাখাতৰ বিশিষ্ট শিক্ষাবিদ চন্দ্ৰপ্ৰভা শইকীয়াৰ সম্বৰ্ধনা আৰু অভিনন্দন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়।
বোকাখাতৰ মহিলা শিক্ষাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা কীৰ্তি শিক্ষয়িত্ৰীৰ ৰাজ্যিক বঁটা প্ৰাপ্ত চন্দ্ৰপ্ৰভা শইকীয়াৰ ৮০ বছৰীয়া জন্ম দিনৰ লগত সংগতি ৰাখি আয়োজিত এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট লেখিকা অন্নদা শইকীয়াই ৷
বন্তি প্ৰজ্বলনৰ পিছতেই ৰিজু হাজৰিকাৰ বৰগীতেৰে অনুষ্ঠান আৰম্ভ হয় ৷ সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভাপতি পুতুলী খাউণ্ডৰ পৌৰোহিত্যত অনুষ্ঠিত এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে গোলাঘাটৰ উপায়ুক্ত গৌৰৱ বোথ্ৰাৰ উপৰি পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কল্পনা চেতিয়া, সুলেখিকা নিজৰা বৰঠাকুৰ, পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, সদৌ অসম মহিলা সমিতিৰ সভাপতি সুৰেন্দ্ৰ নাথ গগৈ, মনোৰঞ্জন সেন, মিনতি দলে, ড০ বিভা বৰা, চাহ বাগিচা সাহিত্য সভাৰ হৰিবোলা কালিন্দী আৰু জ্যেষ্ঠ নাগৰিক মঞ্চৰ আনিচুৰ ৰহমান উপস্থিত থাকে।
অনুষ্ঠান উদ্বোধন কৰে গোলাঘাট জিলা লেখিকা পৰিষদৰ সভানেত্ৰী ডালিমী শইকীয়া বৰাই। গাম্ভীৰ্য পূৰ্ণ এই অনুষ্ঠানত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা প্ৰকাশিত আৰু ড৹ বিভা বৰা সম্পাদিত ‘অভিনন্দিতা চন্দ্ৰপ্ৰভা শইকীয়া’ শীৰ্ষক অভিনন্দন গ্ৰন্থ খন উন্মোচন কৰা হয় ৷
গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখিকা নিজৰা বৰঠাকুৰে। সম্বৰ্ধনা অনুষ্ঠানত সন্ধানী লেখিকা সমাৰোহ সমিতিয়ে চেলেং চাদৰ, সঁফুৰা আৰু মানপত্ৰৰে শিক্ষাব্ৰতী চন্দ্ৰপ্ৰভা শইকীয়াক সম্বৰ্ধনা জনোৱাৰ উপৰিও গোলাঘাট জিলা প্ৰশাসন আৰু বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে অৱসৰপ্ৰাপ্ত কীৰ্তি শিক্ষয়ত্ৰী চন্দ্ৰপ্ৰভা শইকীয়াক সম্বৰ্ধনা জনায় ৷ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত বিভিন্নজনে কীৰ্তি শিক্ষয়ত্ৰী গৰাকীৰ জীৱনৰ বিভিন্ন দিশ আলোকপাত কৰি বক্তব্য আগবঢ়ায় ৷