যিসময়ত শিলগুটিৰ অভাৱত অসমত পথ নিৰ্মাণৰ কাম বাধাগ্ৰস্ত হৈছে, সেই সময়তে শিলৰ বৃহৎ চোৰাং কাৰবাৰীয়ে ইয়াৰ যোগান নিয়ন্ত্ৰণ কৰাৰ দৰে ঘটনা পোহৰলৈ আহিছে। ইয়াৰ ফলতেই ৰাজ্যখনত শিলগুটিৰ কৃত্ৰিম নাটনি সৃষ্টি হৈছে।
জানিব পৰামতে ১৬ মাৰ্চৰ গধূলি গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তত সক্ৰিয় হৈ থকা এনেকুৱা আন্তঃৰাজ্যিক চক্ৰ এটাই ত্ৰিপুৰালৈ সৰবৰাহ কৰিব খোজা তথা অতিৰিক্ত পৰিমাণত শিল বোজাই কৰা ১৬খন ট্ৰাক কোনো নথিপত্ৰ নথকা অৱস্থাত আছুকৰ্মী আৰু স্থানীয় ৰাইজে জব্দ কৰে। এই চক্ৰটোৱে বোকাজান ৰেইলৱে’ৰ আস্থানক ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। সূত্ৰটোৱে জনোৱা মতে এই চক্ৰটোৱে ভুৱা ট্ৰেনজিট পাছ আৰু নথি ব্যৱহাৰ কৰি আহিছিল। এই ক্ষেত্ৰত ষ্টেইশ্যন মাষ্টৰৰো ভূমিকাক সন্দেহ কৰিছে ৰাইজে।
আনহাতে এই চোৰাং কাৰবাৰীসকলে ষ্টেইশ্যন মাষ্টাৰজনৰ পৰোক্ষ সমৰ্থনত দীৰ্ঘদিনৰ পৰাই ৪৮০ চি এমৰ ট্ৰেনজিট পাছ লৈ ১০০০ চি এম গিট্টি শিল সৰবৰাহ কৰি আহিছে। এই চক্ৰটোৰ সৈতে বন বিভাগৰ বিষয়াৰো বুজাবুজি থকাৰ সন্দেহ কৰিছে ৰাইজে।
উল্লেখযোগ্য যে বছৰ বছৰ ধৰি অসম-নাগালেণ্ডৰ সীমান্তৰ সৰুপথাৰৰ ওচৰত থকা দৈয়াং নদীৰ পৰা শিল আহৰণ কৰি একাংশ শিল বেপাৰী তথা শিল ভঙা উদ্যোগ স্থাপন কৰা লোকে অবৈধভাৱে ব্যৱসায় কৰি আহিছে।